ETV Bharat / state

কাছাৰত পথ দুৰ্ঘটনাত নিহত 5 গৰাকীকৈ ছাত্ৰ

author img

By

Published : Dec 2, 2020, 10:42 PM IST

road-accident-in-cachar-5-student-dead
কাছাৰত পথ দুৰ্ঘটনাত নিহত 5 গৰাকী ছাত্ৰ

কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত 5 গৰাকী ছাত্ৰ ৷ মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে স্থানীয় ৰাইজে ঘাইপথত মৃতদেহ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ৷

কাছাৰ, 2 ডিচেম্বৰ : বুধবাৰে কাছাৰ জিলাৰ কাটিগড়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় 4 গৰাকী ছাত্ৰ ৷ আন এগৰাকী ছাত্ৰক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসাধীন অৱস্থাত ছাত্ৰজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ নিহত আটাইকেইগৰাকী ছাত্ৰ বদৰপুৰ নবীন চন্দ্ৰ কলেজৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ৷ কলেজৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় ছাত্ৰ কেইগৰাকীৰ ৷

কাছাৰত পথ দুৰ্ঘটনাত নিহত 5 গৰাকী ছাত্ৰ

লগতে পঢ়ক : সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো উদযাপন চুকাফা দিৱস

ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে স্থানীয় ৰাইজে শিলচৰ-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীয়ে ঘাইপথৰ মাজত মৃতদেহ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম আৰক্ষী হায় হায়, বিধায়ক অমৰ চান্দ জৈন মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ উত্তাল কৰি তোলে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসৰ লগতে বিধায়ক অমৰ চান্দ জৈন আৰু বিধায়ক নিজাম উদ্দিন উপস্থিত হয় ৷

প্ৰতিবাদকাৰীয়ে প্ৰতিবাদস্থলীৰ পৰাই মৃতকৰ পৰিয়ালক 40 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবীৰে বিধায়ক অমৰ চান্দ জৈনক আৱদ্ধ কৰি ৰাখে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিধায়ক গৰাকীক ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ সমষ্টিত কৃষকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.