ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত কৃষকৰ প্ৰতিবাদ

author img

By

Published : Dec 2, 2020, 5:15 PM IST

গুংগৌং চাপৰিত অসম চৰকাৰৰ শক্তি বিতৰণ কোম্পানীয়ে (APDCL ) স্থাপন কৰিব বিচৰা সৌৰ শক্তি প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ ৷ বালিচাপৰি পথাৰলৈ হাজাৰ হাজাৰ লোক ওলাই আহিল প্ৰতিবাদ কৰিবলৈ ৷

farmer's protest
farmer's protest

মাজুলী, 2 ডিচেম্বৰ : ৰাসৰ মাজতে মাজুলীত কৃষকৰ তীব্ৰ প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ জেংৰাইমুখ বালিচাপৰিত উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷ বালিচাপৰি পথাৰলৈ হাজাৰ হাজাৰ লোক ওলাই আহিল প্ৰতিবাদ কৰিবলৈ ৷ গুংগৌং চাপৰিত অসম চৰকাৰৰ শক্তি বিতৰণ কোম্পানীয়ে (APDCL ) স্থাপন কৰিব বিচৰা সৌৰ শক্তি প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে এই প্ৰতিবাদ ৰাইজৰ ৷

মুখ্যমন্ত্ৰীৰ সমষ্টিত কৃষকৰ প্ৰতিবাদ

জেংৰাই বালিচাপৰি, যমুদচুক, তামাৰ গাঁও, পুৰণি ঢলা, ডাম্বোকিয়াল এই পাঁচখন গাঁৱৰ ৬২০ টা পৰিয়ালে যুগ যুগ ধৰি কৃষি কৰ্ম কৰি চলি থকা প্ৰায় ৫০০ বিঘা মাটি চৰকাৰে অধিগ্ৰহণ কৰিবলৈ লোৱাৰ বিৰুদ্ধে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক লোকে ৷ ৫,৫৭০ গৰাকী লোকৰ বসতি স্থল এই পাঁচখন গাঁৱৰ যুৱক-যুৱতী, আবাল বৃদ্ধ বনিতাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শক্তি বিতৰণ কোম্পানীৰ বিৰুদ্ধে ৷ অসম চৰকাৰে খিলঞ্জীয়াৰ খেতি মাটিৰ অধিগ্ৰহণ বন্ধ কৰাৰ দাবী তোলে প্ৰতিবাদী বাইজে ।

উল্লেখ্য যে, দেশত চৰকাৰে প্ৰণয়ন কৰা নতুন কৃষি আইনৰ বিৰুদ্ধে দেশৰ ৰাজধানীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকে ৷ পঞ্জাৱ, হাৰিয়ানাৰ পৰা কৃষকৰ বৃহৎ দলে প্ৰতিবাদী সমদল কৰি ৰাজধানী দিল্লীৰ দিশে ধাৱমান হয় ৷ কিন্তু আৰক্ষী তথা সেনা বাহিনীয়ে কঠোৰভাৱে দমন কৰিব লগীয়া হয় কৃষকৰ এই আন্দোলনক ৷ অৱশ্যে চৰকাৰে কৃষকৰ সৈতে সমস্যা সমাধানৰ বাবে আলোচনা কৰাৰ পোষকতা কৰিছে ৷

লগতে পঢ়ক : ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.