ETV Bharat / state

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো উদযাপন চুকাফা দিৱস

author img

By

Published : Dec 2, 2020, 4:28 PM IST

পুৱা চাও লুঙ চুকাফা প্ৰতিমূৰ্তিত মাল্যপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতেই পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিছতেই সদ্য প্রয়াত ভূতপূৰ্ৱ মুখ্যমন্ত্রী তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো উদযাপন চুকাফা দিৱস
সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো উদযাপন চুকাফা দিৱস

যোৰহাট,2 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে যোৰহাটৰ চুকাফা কলাক্ষেত্রত উদযাপন কৰা হয় চুকাফা দিৱস। পুৱা চাও লুঙ চুকাফা প্ৰতিমূৰ্তিত মাল্যপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতেই পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিছতেই সদ্য প্রয়াত ভূতপূৰ্ৱ মুখ্যমন্ত্রী তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিছতেই আৰম্ভ হয় ফুৰালুং ৷

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো উদযাপন চুকাফা দিৱস

উল্লেখযোগ্য যে, দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা চুকাফা দিৱসটি পুৱা চাও লুং চুকাফাৰ প্ৰতিমূৰ্তি সন্মুখতবন্তি প্ৰজ্জ্বলন কৰা হয় । পূৰ্বপুৰুষক স্মৰণ কৰি আহোম ৰীতি নীতিৰে বানফি পূজা দিয়া হয় ।

লগতে পঢ়কঃ অহা ৪ ডিচেম্বৰত তামিলনাডু পাবহি 'বুৰেৱী': বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.