অসম

assam

Republic Day 2023 : হাফলঙত পদ্মশ্ৰী বঁটাপ্ৰাপক ৰামকুইৱাংবে জেনিক অভিনন্দন দেৱলাল গাৰ্লোচাৰ

By

Published : Jan 26, 2023, 2:23 PM IST

Updated : Jan 26, 2023, 3:04 PM IST

ডিমা হাছাওত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ (Republic day celebration in Dima Hasao) । হাফলঙৰ এন এল দাওলাগাপু খেলপথাৰত চৰকাৰীভাৱে আয়োজিত হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী । ডিমা হাছাওৰ পদ্মশ্ৰী বঁটা প্ৰাপক ৰামকুইৱাংবে জেনিক অভিনন্দন ।

Dima Hasao
Dima Hasao

হাফলঙত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন দেৱলাল গাৰ্লোছাৰ

হাফলং, 26 জানুৱাৰী :সমগ্ৰ দেশৰ লগতে ডিমা হাছাও জিলাতো বৃহস্পতিবাৰে 74 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় (74th Republic Day celebration in India) । ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলং এন এল দাওলাগাপু খেলপথাৰত চৰকাৰীভাৱে আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত পুৱা 9 বজাত জাতীয় পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই (Republic day celebration in Dima Hasao) ।

বৃহস্পতিবাৰে হাফলঙত জাতীয় পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই । তেওঁ সমাজসেৱাৰ ক্ষেত্ৰত বিশেষ অৱদান ৰখা ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলং লোদী গাঁৱৰ ৰামকুইৱাংবে জেনি পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত হোৱাৰ বাবে অভিনন্দন জনায় (Republic day celebration in Assam)। লগতে তেওঁ কয় যে ডিমা হাছাও জিলাক সকলো দিশৰ পৰা শীৰ্ষ স্থানলৈ লৈ যোৱাৰ ক্ষেত্ৰত সকলো চেষ্টা অব্যাহত ৰাখিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে । এই ক্ষেত্ৰত সকলোৰে সহযোগিতা একান্ত জৰুৰী বুলি তেওঁ মন্ত্যব কৰে ।

দেৱলাল গাৰ্লোচাই (Dima Hasao CEM Devlal Garlosa) তেওঁৰ ভাষণত কয় যে স্বাধীনতা সংগ্ৰামীসকলে দিয়া প্ৰাণ আহুতিৰ বাবে আজি আমি এই স্বাধীন দেশ পাইছোঁ । যাৰবাবে সকলো স্বাধীনতা সংগ্ৰামীকে আমি মান-সন্মান প্ৰদৰ্শন কৰি দেশৰ কাৰণে তেওঁলোকৰ বলিদান আমি সদায় মনত ৰাখিব লাগিব । সেই উদ্দেশ্যেই হাফলঙত নেতাজী সুভাষ চন্দ্ৰ বসু আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে । তেওঁ স্বাধীনতা আন্দোলনত জয়া থাওচেনৰ কথা উল্লেখ কৰি কয় যে জয়া থাওচেনে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ বাহিনীত যোগ দিবলৈ যোৱাৰ সময়তো ব্ৰিটিছ সেনাৰ হাতত শ্বহীদ হৈছিল ।

তেওঁ লগতে কয় যে ডিমা হাছাও জিলাত ডিমাছা ৰজাৰ পৰা আৰম্ভ কৰি স্বাধীনতা সংগ্ৰামীসকলৰ যিমান স্মৃতিসৌধ আছে, সেইবোৰ সকলো সংৰক্ষণ কৰি ৰখাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে ব্যৱস্থা গ্ৰহণ কৰিব । তেওঁ লগতে কয় যে স্বাস্থ্যৰ পৰা আৰম্ভ কৰি শিক্ষা, পথ নিৰ্মাণৰ পৰা আৰম্ভ কৰি উন্নয়নৰ ক্ষেত্ৰত অসমৰ এই পাহাৰীয়া জিলা এতিয়া আগবাঢ়ি গৈ আছে । আনহাতে, পাহাৰীয়া জিলাখনত উন্নয়নৰ ক্ষেত্ৰত শীৰ্ষ স্থানলৈ উন্নীত কৰাৰ বাবে সকলোকে উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ আহ্বান জনায় ।

ইপিনে 74 সংখ্যক গণৰাজ্য দিৱসৰ অন্যান্য অনুষ্ঠানৰ মাজতে আছিল আৰক্ষী, গৃহৰক্ষী বাহিনী, আৰক্ষী বেটেলিয়ন, এনচিচি, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাৰ্চপাষ্ট । লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক :Republic Day 2023: ব্যতিক্ৰমী ৰূপত দাৰুল উলুম মাদ্ৰাছাত উদযাপন গণৰাজ্য দিৱস

Last Updated : Jan 26, 2023, 3:04 PM IST

ABOUT THE AUTHOR

...view details