অসম

assam

সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হ’ল যুৱক

By

Published : Sep 22, 2022, 9:57 AM IST

young man  beaten up on suspicion of kidnapping

ৰাজ্যজুৰি সোপাধৰাৰ আতংক (Mob lynching case in Cachar) ৷ একাংশ লোকে সোপাধৰাৰ উৰা বাতৰি প্ৰকাশ কৰাৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্ত কিছুদিনৰ পৰা গণপ্ৰহাৰৰ ঘটনা পোহৰলৈ আহিছে ৷ সোপাধৰাৰ আতংকত বুধবাৰে একেদিনাই ৰাজ্যৰ তিনি ঠাইত লোকক প্ৰহাৰৰ ঘটনা পোহৰলৈ আহিছে ৷ কাছাৰ জিলাতো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷

ডিমা হাছাও, 22 ছেপ্টেম্বৰ: কাছাৰ জিলাত সোপাধৰাৰ আতংক (Mob lynching case in Cachar) ৷ কাছাৰ জিলাৰ জয়পুৰ শিৱস্থানত বুধবাৰে বিয়লি এখন বাহনত দুগৰাকী শিশুক অপহৰণ কৰি লৈ যোৱা বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল (youth beaten up on suspicion of kidnapping) ৷

ঘটনাৰ বিৱৰণী অনুসৰি জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত পূব কনকপুৰ গাঁৱৰ নাচিৰ উদ্দিন লস্কৰৰ পুত্ৰ সাহীন আহমেদ লস্কৰ (28) অল্টো বাহনখন লৈ হৰি নগৰ হাস্পতালৰ পৰা দেওয়ান চাহ বাগিচালৈ ৰিজাৰ্ভ ট্ৰিপত গৈছিল ৷ তাৰ পিছতে অল্টো বাহনত দুগৰাকী শিশুক সোপাধৰাই অপহৰণ কৰি লৈ যায় বুলি এক গুজৱ প্ৰচাৰ হৈছিল ৷

এই বাতৰি বিয়পি পৰাৰ পিছতেই একাংশ লোক বাহনখন ধৰিবলৈ ৰাজপথলৈ ওলাই আহে ৷ তেতিয়াই দেওয়ান চাহ বাগিচাৰ পৰা ঘূৰি অহা পথৰ দুই তিনি স্থানত একাংশ স্থানীয় লোকে জুম পাতি বাহনখনক উদ্দেশ্যি শিলগুটি নিক্ষেপ কৰে ৷

কেৱলে ইয়াতেই ক্ষান্ত নাথাকি স্থানীয় লোকে অল্টো বাহনখন শিৱস্থানত বাঁহেৰে ঘেৰি ধৰি বাহনখনত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে ৷ ইফালে গাড়ীখনৰ পৰা জোৰ জবৰদস্তি সাহীন আহমেদ লস্কৰ (28) নামৰ যুৱকজনক ধৰি উলিয়াই আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে(Youth brutally beaten up by locals)৷

এই ঘটনাৰ খবৰ পাই জয়পুৰ থানাৰ পৰা আৰক্ষীৰ দল উপস্থিত হৈ সাহীনক অচেতন অৱস্থাত উদ্ধাৰ কৰি হৰিনগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ভৰ্তি কৰে ৷ প্ৰাথমিক চিকিৎসাৰ পিছতে যুৱকজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসক সকলে উন্নত চিকিৎসাৰ বাবে শিলচৰ মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে যোৱা 15 ছেপ্টেম্বৰ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমোল মাহতে সোপাধৰাৰ সন্দৰ্ভত ওলোৱা উৰা বাতৰি ভিত্তিহীন ৷

যদিহে কোনো লোকে এনে ধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিছতে কাছাৰ জিলাৰ জয়পুৰত এনে ধৰণৰ ঘটনা উদ্বেগজনক বুলি মন্তব্য কৰে একাংশ লোকে ৷

লগতে পঢ়ক:গোলাঘাটত সোপাধৰাৰ আতংক; এজনক আটক

ABOUT THE AUTHOR

...view details