অসম

assam

Lok kalyan sewa Award: ডিমা হাছাওত ৰেমিনা ৰূপচিলৈ লোক কল্যাণ সেৱা সন্মান

By

Published : Aug 6, 2022, 3:21 PM IST

Etv BharatLok kalyan sewa Award presented to Remina Rupchik
Etv Bharatডিমা হাছাওত ৰেমিনা ৰূপচিক লোক সেৱা বঁটা প্ৰদান ()

ডিমা হাছাও জিলা উপায়ুক্ত কাৰ্যালয়ৰ জেষ্ঠ সহকাৰী বিষয়া ৰেমিনা ৰূপচিক 'লোক কল্যাণ সেৱা' বঁটা প্ৰদান কৰা হয় (Lok kalyan sewa Award) । শুকুৰবাৰে সন্ধিয়া এক অনুষ্ঠানত ৰেমিনা ৰূপচিক লোক সেৱা কল্যাণ বঁটা প্ৰদান কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই ।

ডিমা হাছাও 6 আগষ্ট: ডিমা হাছাও জিলা উপায়ুক্ত কাৰ্যালয়ৰ জেষ্ঠ সহকাৰী বিষয়া ৰেমিনা ৰূপচিক 'লোক কল্যাণ সেৱা' বঁটা প্ৰদান কৰা হয়(Lok kalyan sewa Award) । শুক্ৰবাৰে সন্ধিয়া এক অনুষ্ঠানত ৰেমিনা ৰূপচিক 'লোক সেৱা কল্যাণ' বঁটা প্ৰদান কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই ।

উল্লেখযোগ্য যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে ৰাইজৰ প্ৰতি প্ৰদান কৰি অহা সেৱাৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে এই 'লোক কল্যাণ সেৱা' বঁটা ৷ 99 গৰাকী ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিছে এই বঁটা । ৰাজ্যৰ 99 গৰাকী কৰ্মচাৰীৰ মাজতে ডিমা হাছাও জিলাৰ (Dima Hasao District) একমাত্ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ জেষ্ঠ সহকাৰী বিষয়া ৰেমিনা ৰূপচিয়ে এই বঁটা লাভ কৰে ।

অসমৰ প্ৰথম মুখ্যমন্ত্ৰী প্ৰয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিনটোক লোক কল্যাণ দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে আৰু এই লোক কল্যাণ দিৱসত লোক সেৱা বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনে(Death anniversary of Gopinath Bordoloi will be celebrated as Lok Kalyan Divas) ।

এতিয়াৰে পৰা প্ৰতি বছৰেই যি সকল চৰকাৰী কৰ্মচাৰীয়ে ৰাইজৰ হকে নিজৰ কৰ্তব্য সম্পাদন কৰিব আৰু তেওঁলোকৰ নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু সততা বজায় ৰাখিব তেনে চৰকাৰী কৰ্মচাৰীক লোক সেৱা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

শুকুৰবাৰে গুৱাহাটীত 2022-23 বৰ্ষৰ 'লোক কল্যাণ সেৱা' বঁটা প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই বঁটাত আছে 25 হাজাৰ টকা লগতে বঁটা প্ৰাপক কৰ্মচাৰীৰ চাকৰিৰ সময়সীমা এক বছৰ বৃদ্ধি কৰা হ’ব । শুকুৰবাৰে সন্ধিয়া হাফলং চৰকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ, আৰক্ষী অধীক্ষক ময়ংক কুমাৰ আৰু বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত লোক সেৱা বঁটা ৰেমিনা ৰূপচিক প্ৰদান কৰা হয় ৷

লগতে পঢ়ক:Dima Hasao Flood: ভয়ংকৰ বানে উটুৱাই লৈ গ’ল ৰাষ্ট্ৰীয় ঘাইপথ

ABOUT THE AUTHOR

...view details