অসম

assam

চেলকল পিকৰ সৌন্দৰ্য উপভোগ কৰিছেনে ?

By

Published : Sep 27, 2021, 8:38 PM IST

অসমতে এনে বহু স্থান আছে, যিবোৰৰ প্ৰাকৃতিক সৌন্দৰ্যই আপোনাক মন্ত্ৰমুগ্ধ কৰি তুলিব । পাহাৰ, নৈ, সেউজীয়া গছ-গছনি সকলোৰে সমাহাৰ ৰূপহী অসম । প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসমৰে এখন পাহাৰীয়া জিলাত আছে চেলকল পিক, যাৰ নয়নাভিৰাম দৃশ্যই হাত বাউল দি মাতে পৰ্যটকক ।

BEAUTY OF SELKAL PEAK
পৰ্যটকৰ বাবে মুকলি হ'ল ডিমা হাছাওৰ চেলকল পিক

ডিমা হাছাও, ২৭ ছেপ্টেম্বৰ : যান্ত্ৰিকতাৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাবলৈ বেয়া পোৱা মানুহ চাগে নোলাব । প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অসমৰ বহু লোকে সততে বহিঃৰাজ্যলৈ অথবা বিদেশলৈ যায় । কিন্তু অসমতে আছে এনে বহু ঠাই, যিবোৰ ঠাইৰ পৰিৱেশে মন প্ৰাণ পুলকিত কৰি তোলে । সেয়ে, মানুহে এতিয়া এনেবোৰ স্থানৰ বিষয়ে অৱগত হোৱাৰ পিছতে প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাবলৈ ঢাপলি মেলিছে ।

পৰ্যটকৰ বাবে মুকলি হ'ল ডিমা হাছাওৰ চেলকল পিক

এনে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সাক্ষী হৈ আছে ডিমা হাছাওৰ চেলকল পিক । তুংজে গাঁৱত থকা এই চেলকল পিকৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা পৰ্যটকৰ আগমণ ঘটে । সোমবাৰে বিশ্ব পৰ্যটন দিৱসৰ দিনা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে চেলকল পিক । সোমবাৰে ডিমা হাছাও জিলা পৰ্যটন বিভাগৰ উদ্যোগত মাহৰ আৰক্ষী থানাৰ অন্তৰ্গত পি লেইকুল গাঁও আৰু তুংজে গাঁৱৰ চেলকেল পিকত উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস ।

চেলকল পিক এতিয়া দেশ-বিদেশৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিছে । ক'ভিড মহামাৰীৰ সংক্ৰমণ অব্য়াহত থকাৰ মাজতো এই চেলকল পিকত ট্ৰেকিঙৰ কাৰণে ভিৰ কৰিছিল বহু পৰ্যটকে । কিন্তু ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চেলকল পিকত ট্ৰেকিং বন্ধ কৰি দিছিল জিলা প্ৰশাসনে আৰু গাঁও সমিতিয়ে ।

পৰ্যটকৰ বাবে মুকলি হ'ল ডিমা হাছাওৰ চেলকল পিক

কিন্তু এতিয়া মহামাৰীৰ সংক্ৰমণ হ্ৰাস পোৱা বাবে বিশ্ব পৰ্যটন দিৱসৰ দিনা আকৌ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে চেলকল পিক । সোমবাৰে চেলকল পিকত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা । প্ৰথমে পি লেইকুল গাঁৱত দেৱলাল গাৰ্লোচাক কুকি পৰম্পৰা নৃত্যৰে আদৰণি জনায় কুকি জনগোষ্ঠীৰ লোকসকলে ।

ইয়াৰ পিছতে ট্ৰেকিংৰ জৰিয়তে উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । দেৱলাল গাৰ্লচাই কয় যে, এই তুংজে চেলকেল পিকত ট্ৰেকিংৰ কাৰণে অহা পৰ্যটকৰ বাবে ইক' টুৰিজমৰ ক্ষেত্ৰত হোম ষ্টে’ৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব । উল্লেখ্য যে, ডিমা হাছাও জিলাৰ তুংজে গাঁৱৰ এই চেলকেল পিক অসম তথা উত্তৰ-পূৱৰ এক আকৰ্ষণীয় পৰ্যটনস্থলী ।

লগতে পঢ়ক: সৰ্থেবাৰীত ৩১ গৰাকী বন্ধ সমৰ্থকক আটক

ABOUT THE AUTHOR

...view details