অসম

assam

GP Singh In Dibrugarh: আলফা(স্বা:)ৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব অভিযান, ধন দাবীৰে জড়িতসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা: জি পি সিং

By

Published : Dec 19, 2022, 10:47 PM IST

‘‘তিৰাপ, লংডিং, চাংলাং আৰু মন অঞ্চলত হৈ থকা আলফা (স্বা:)ৰ গতিবিধিক লৈ বৈঠকত আলোচনা কৰা হৈছে(Movement of ULFA in adjoining areas), আলফাৰ(স্বা:)ৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, আলফা(স্বা:)ৰ ধন দাবীৰ(Extortion by ULFA I) সৈতে যদি কোনো স্থানীয় ব্যক্তি জড়িত হৈ আছে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ’’ ডিব্ৰুগড়ত এই মন্তব্য SDGP GP Singhৰ ৷

GP Singh In Dibrugarh
আলফা(স্বা:)ৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব অভিযান

আলফা(স্বা:)ৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব অভিযান

ডিব্ৰুগড়, 19 ডিচেম্বৰ: আলফা(স্বা:)ৰ বিৰুদ্ধে তীব্ৰতৰ হ’ব অভিযান(Operation against ULFA I) ৷ ডিব্ৰুগড়ত এই মন্তব্য অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ(Special DGP GP Singh) ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে ডিব্ৰুগড় উপায়ু্ক্ত কাৰ্যালয়ত ভিডিঅ’ কনফাৰেন্সিঙত অংশ গ্ৰহণ কৰিছিল বিশেষ আৰক্ষী সঞ্চাল প্ৰধানগৰাকীয়ে(Video conference with CM Himanta Biswa Sarma) ৷

মুখ্যমন্ত্ৰীৰে হোৱা এই ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল ভাৰতীয় সেনা, চি আৰ পি এফ, অসম আৰক্ষীৰ লগতে তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকলে ৷ এই বৈঠকৰ অন্তত কেতবোৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ বৈঠকৰ অন্তত জি পি সিঙৰ মন্তব্য, ‘‘তিৰাপ, লংডিং, চাংলাং আৰু মন অঞ্চলত হৈ থকা আলফা (স্বা:)ৰ গতিবিধিক লৈ বৈঠকত আলোচনা কৰা হৈছে(Movement of ULFA in adjoining areas), আলফাৰ(স্বা:)ৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, আলফা(স্বা:)ৰ ধন দাবীৰ(Extortion by ULFA I) সৈতে যদি কোনো স্থানীয় ব্যক্তি জড়িত হৈ আছে তেন্তে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব, ইতিমধ্যেই ধনদাবীৰে জড়িত বহুলোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷"

উল্লেখ্য যে, একপক্ষীয় যুদ্ধ বিৰতি ঘোষণাৰে আলফা(স্বা:)ই তিনিচুকীয়া জিলাকে ধৰি সীমান্তৱৰ্তী অঞ্চল সমূহৰ ব্যৱসায়ী, প্ৰাক্তন আলফা সদস্য আদিৰ পৰা ধন দাবী কৰাৰ ঘটনা শেহতীয়াকৈ ৰাজহুৱা হৈছে ৷ তাৰ মাজতে আলফা(স্বা:)ৰ কাৰ্যকলাপ আৰু গতি-বিধিৰ বিৰুদ্ধে কঠোৰ সৈতে আৰক্ষী-প্ৰশাসন তথা চৰকাৰ ৷

ইফালে, বটদ্ৰৱাৰ উচ্ছেদ(GP Singh on Batrava eviction) সন্দৰ্ভতো মন্তব্য বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ ইতিমধ্যেই প্ৰায় 75শতাংশ বেদখলকৃত ভূমি(illegal encroachment) উচ্ছেদ কৰা হৈছে বুলি সদৰি কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ আনহাতে, বাকী থকা ভূমি মঙলবাৰৰ ভিতৰত সম্পূৰ্ণ বেদখলমুক্ত কৰা হ’ব বুলিও উল্লেখ কৰে ৷

ইয়াৰ লগতে, নৱবৰ্ষ অথবা বনভোজৰ সময়ত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়(Prevent accidents in new year) সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীৰে DTO, যান-বাহন আৰক্ষী, জিলা উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰা বুলি উল্লেখ কৰাৰ লগতে মদ্য পান কৰি গাড়ী চলোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

লগতে পঢ়ক:Assam APSC Sacm: গেঁঠেলা মাৰিছে APSC কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া !

ABOUT THE AUTHOR

...view details