অসম

assam

মৰাণ ফুটবল দলৰ বিজয়ৰে অন্ত পৰিল প্ৰৱীন কুমাৰ গগৈ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ

By

Published : Oct 1, 2022, 2:11 PM IST

inter district football tournament in moran
মৰাণত ফুটবল প্ৰতিযোগিতা উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী প্ৰৱীন কুমাৰ গগৈ সোঁৱৰণী আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সম্পন্ন(Football Tournament at Moran) । উত্তেজনাপূৰ্ণ খেলখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে ।

মৰাণ,১ অক্টোবৰ:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত মৰাণৰ বিভিন্ন খেলপথাৰত যোৱা ২৩ চেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা অসম ভিত্তিত আন্তঃ জিলা ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হয়(Football Tournament at Moran) ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী তথা অসম ফুটবল সন্থাৰো প্ৰাক্তন সভাপতি প্ৰবীন কুমাৰ গগৈৰ সোঁৱৰণত সদৌ অসম ভিত্তিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল আন্তঃ জিলা ফুটবল প্ৰতিযোগিতাখন(Football tournament concludes in Moran) ৷

মৰাণত ফুটবল প্ৰতিযোগিতা উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

চূড়ান্ত খেলখন মৰাণৰ চেপন ৰাজহুৱা চৰাইদেউ জিলা ফুটবল দল আৰু মৰাণ জিলা ফুটবল দলৰ মাজত অনুষ্ঠিত হয় ৷ চূড়ান্ত খেলখনত মৰাণ ফুটবল দলে চৰাইদেউক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৷ চূড়ান্ত খেলখনত বিশিষ্ট অতিথি হিচাপে কেবিনেট মন্ত্ৰী যোগেন মহন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বহুসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে(Inter district football tournament in moran) ৷

খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে মৰাণ ফুটবল দলৰ বিকি শইকীয়াই ৷ আনহাতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে মৰাণ দলৰ সুৰজ সোনোৱালে ৷ উত্তেজনাপূৰ্ণ খেলখন উপভোগ কৰিবলৈ উপস্থিত থাকে সহস্ৰাধিক দৰ্শক ।

লগতে পঢ়ক:কলগাছিয়াত ভয়ংকৰ খহনীয়া: চকুৰ সন্মুখতে খহিছে এটাৰ পাছত আনটো গৃহ, নিৰ্বিকাৰ ৰাইজ

ABOUT THE AUTHOR

...view details