ডিব্ৰুগড়ৰ আমোলাপট্টিত জলবিস্ফোৰণ - Dibrugarh water supply pipe burst
Water supply pipe burst : ডিব্ৰুগড়ৰ আমোলাপট্টিত জলবিস্ফোৰণ ৷ বিস্তৰ ক্ষয়-ক্ষতি ৷

Published : May 13, 2024 at 11:09 PM IST
মৰাণ, 13 মে’: পানী যোগান আঁচনিৰ পাইপ ফুটি ডিব্ৰুগড়ত ভয়াৱহ পৰিস্থিতি ৷ পানী যোগান আঁচনিৰ পাইপ ফাটি গুৱাহাটী মহানগৰীত প্ৰায়ে জল বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত এইবাৰ ডিব্ৰুগড়তো সংঘটিত হ'ল অনুৰূপ ঘটনা ৷ ডিব্ৰুগড় চহৰৰ আমোলাপট্টিত জনবসতিপূৰ্ণ অঞ্চলত আজি হঠাৎ সংঘটিত হয় জল বিস্ফোৰণ । পাইপ ফুটি ডিব্ৰুগড়ৰ আমোলাপট্টিত হোৱা জল বিস্ফোৰণে মুহূৰ্ততে গ্ৰহণ কৰে ভয়াৱহ পৰিস্থিতি ।
জানিব পৰা মতে, অমৰুত আঁচনিৰ বৃহৎ টেংকিৰ পানীয়ে বৃহৎ অঞ্চলটো জলমগ্ন কৰি পেলায় হঠাতে । 16 লাখ 50 হাজাৰ লিটাৰ পানী ধৰা বৃহৎ টেংকিটোৰ পাইপ ফুটাৰ ফলত পানীৰ প্ৰচণ্ড সোঁত বাগৰি পৰিল বিস্তীৰ্ণ এলেকাটোত । পানী 50 মিটাৰ ওপৰলৈ উঠি দাঁতিত থকা বহুকেইটা ঘৰ ক্ষতিগ্ৰস্ত কৰে ।
সোমবাৰৰ বিয়লি চহৰখনৰ উত্তৰ আমোলাপট্টি চৰকাৰী উচ্চতৰ বহুমুখী বালিকা বিদ্যালয়ৰ চৌহদত অমৰুত আঁচনিৰ বৃহৎ টেংকিৰ পৰা হঠাৎ পানীৰ পাইপ ফাটি পৰাৰ ফলত স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতি হোৱাৰ উপৰিও জলমগ্ন হৈ পৰে বহু আৱাস গৃহ । আচবাব আদিৰ উপৰিও খাদ্যবস্তৰো ক্ষয়-ক্ষতি হোৱাৰ ফলত সমস্যাত পৰিছে ভুক্তভোগী লোকসকল ৷
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ বহু সময়ৰ পাছত বিভাগীয় অভিযন্তা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পানী নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয় । এই ঘটনাৰ পাচতে এই পানী যোগান আঁচনিৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ঘটনাস্থলীত উপস্থিত হোৱা বিষয়াক জবাবদিহিয়ো কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: Water supply pipe burst: এইবাৰ নুনমাটিত জলবিস্ফোৰণ; আকৌ ফুটিল পানীৰ পাইপ

