কলগাছিয়াত ভয়ংকৰ খহনীয়া: চকুৰ সন্মুখতে খহিছে এটাৰ পাছত আনটো গৃহ, নিৰ্বিকাৰ ৰাইজ

author img

By

Published : Oct 1, 2022, 12:30 PM IST

A house washed away in Beki River floods in Kalgachia

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলাত বিগত দুটা বছৰ ধৰি অব্যাহত আছে বেকী, ব্ৰহ্মপুত্ৰ আৰু আই নদীৰ ভয়ংকৰ খহনীয়া (Beki River Erosion)। চকুৰ সন্মুখতে খহি গৈছে এটি পকী গৃহ । কেৱল ইমানেই নহয় খহনীয়াত জাহ গৈছে শ শ পৰিয়ালৰ বাসগৃহৰ লগতে শ শ বিঘা কৃষিভূমি ৷ যাৰ ফলত অনিদ্ৰা-অনাহাৰে জীৱন কটাব লগা হৈছে খহনীয়াগ্ৰস্ত ৰাইজে । খহনীয়াৰ কৱলত পৰি দিশহাৰা নৈ পৰীয়া ৰাইজে ৷

জনীয়া, 1 অক্টোবৰ: খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷

বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam) ৷ এনেদৰেই নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷

চকুৰ সন্মুখতে খহিছে এটাৰ পাছত আনটো গৃহ, নিৰ্বিকাৰ ৰাইজ

উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চতলা গাঁৱত বিগত দুটা বছৰ ধৰি অব্যাহত আছে বেকী, ব্ৰহ্মপুত্ৰ আৰু আই নদীৰ ভয়ংকৰ খহনীয়া (Beki River Erosion)। শেহতীয়াকৈ চতলাত চকুৰ পলকতেই খহি গৈছে এটি পকী গৃহ (House collapsed)। এই ভয়ংকৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ কেৱল ইমানেই নহয় খহনীয়াত জাহ গৈছে শ শ পৰিয়ালৰ বাসগৃহৰ লগতে শ শ বিঘা কৃষিভূমি৷ যাৰ ফলত অনিদ্ৰা-অনাহাৰে জীৱন কটাব লগা হৈছে খহনীয়াগ্ৰস্ত ৰাইজে । খহনীয়াৰ কৱলত পৰি দিশহাৰা নৈ পৰীয়া ৰাইজে ৷

তদুপৰি মানাহ, বেকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰি এক প্ৰকাৰ নিশ্চিহ্ন হৈ পৰিছে চতলা গাঁও পঞ্চায়তৰ গোবিন্দপুৰৰ লগতে আৰু দুটাকৈ গাঁও৷ কিন্তু তৎস্বত্তেও খহনীয়াগ্ৰস্তৰ লোকৰ খবৰ ল'বলৈ আহৰি নাই বৰপেটাৰ সাংসদ আব্দুল খালেক, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু বৰপেটা জিলা প্ৰশাসনৰ৷ জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ এনে কাৰ্যত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বৰপেটা জিলা কমিটিয়ে৷ সেয়ে অতি শীঘ্ৰে খহনীয়া ৰোধ কৰাৰ লগতে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: আবতৰীয়া বানে হাহাকাৰ লগাইছে মাণিকপুৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.