ডিব্ৰুগড়/চামগুৰি , 6 ডিচেম্বৰ: চৰাইদেউ জিলাৰ সোণাৰি সদৰ থানাৰ চৌহদত পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা(Sonari police murder case) ৷ আৰক্ষীৰ গুলীচালনাত প্ৰাণ হেৰুৱালে আৰক্ষীয়ে ৷ আৰক্ষী থানাৰ এই গুলী চালনাৰ ঘটনাই কঁপায় গৈছে চৰাইদেউ জিলা(Sonari police station murder case) ।
জানিব পৰা মতে, সামান্য তৰ্কাতৰ্কিৰ পিছতে এজন আৰক্ষী জোৱানে আনজন সতীৰ্থ আৰক্ষী জোৱানক গুলী কৰিছিল ৷ অভিযুক্ত দীপক কাকতিয়ে জানিবলৈ দিয়া মতে বিগত কেইবাদিনো ধৰি নৱম অসম আৰক্ষী বেটেলিয়নৰ জোৱান গকুল বসুমতাৰী আৰু সতীৰ্থ দীপক কাকতিৰ মাজত অব্যাহত আছিল মতানৈক্য ৷ আনকি মৃত গকুলৰ সৈতে কেইবাবাৰো মাৰপিটত লিপ্ত হোৱা বুলিও উল্লেখ কৰে জোৱান দীপক কাকতিয়ে ৷ যাৰ বাবে আজি অতিষ্ঠ হৈ সদৰ থানাৰ চৌহদতে দীপকে গুলীয়াই হত্যা কৰিলে গকুল বসুমতাৰীক ।
নিজৰ চাৰ্ভিছ ইনচাৰ্ছ ৰাইফলেৰে দীপক কাকতিয়ে গুলী চালনা কৰাত থিতাতে ঢলি পৰে সতীৰ্থ আৰক্ষী জোৱানজন । ঘটনা সংঘটিত হোৱাৰ পাছতে গুলীচালনা কৰা দীপক কাকতি নামৰ জোৱানজনক আটক কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰাৰ পাছতে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি আগবঢ়ায় দীপক কাকতি । বসুমতাৰীয়ে তেওঁক মাৰিছিল আৰু সেই কাৰণে তেওঁকো হত্যা কৰা হ’ল বুলি অভিযুক্ত কাকতিয়ে সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে । অৱশ্যে আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব প্ৰকৃত ঘটনাৰ কাৰণ (police kill a policeman in sonari police station)।