ETV Bharat / bharat

Delhi High Court : 33 সপ্তাহৰ গৰ্ভৱতীক গৰ্ভপাতৰ অনুমতি দিল্লী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Dec 6, 2022, 8:19 PM IST

দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে এগৰাকী ৩৩ সপ্তাহৰ গৰ্ভৱতী মহিলাক চিকিৎসাগত গৰ্ভপাতৰ অনুমতি প্ৰদান কৰে (Delhi High Court allows abortion) । ন্যায়াধীশ প্ৰতিভা এম সিঙে এই সন্দৰ্ভত কয় যে ন্যায়ালয়ে এই সিদ্ধান্তত উপনীত হৈছে যে মাতৃৰ নিৰ্বাচন চূড়ান্ত । আবেদনকাৰীক লগে লগে তেওঁৰ পচন্দৰ আন এখন চিকিৎসালয়ত গৰ্ভপাত সম্পন্ন কৰিবলৈ অনুমতি দিয়া হয় ।

Delhi HC
Delhi HC

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে এগৰাকী ৩৩ সপ্তাহৰ গৰ্ভৱতী মহিলাক চিকিৎসাগত গৰ্ভপাতৰ অনুমতি প্ৰদান কৰে (Delhi High Court allows abortion) । ন্যায়াধীশ প্ৰতিভা এম সিঙে এই সন্দৰ্ভত কয় যে ন্যায়ালয়ে এই সিদ্ধান্তত উপনীত হৈছে যে মাতৃৰ নিৰ্বাচন চূড়ান্ত । আবেদনকাৰীক লগে লগে তেওঁৰ পছন্দৰ আন এখন চিকিৎসালয়ত গৰ্ভপাত সম্পন্ন কৰিবলৈ অনুমতি দিয়া হয় (Court allows abortion of 33 week pragnant woman) ।

ন্যায়াধীশ প্ৰতিভা এম সিঙে লগতে কয় যে ভাৰতীয় আইনত (Indian law) তেওঁ গৰ্ভধাৰণ অব্যাহত ৰাখিব বিচাৰেনে নিবিচাৰে সেয়া মাতৃৰ পছন্দ । ন্যায়ালয়ে লগতে কয়, "এনে ধৰণৰ ঘটনাই এগৰাকী মহিলাই অতিক্ৰম কৰিবলগা গুৰুতৰ দ্বিধাৰ কথা উল্লেখ কৰে । আধুনিক প্ৰযুক্তিৰ জৰুৰীকালীন অৱস্থাৰ সৈতে, গৰ্ভপাত আৰু গৰ্ভপাতৰ সমস্যা অধিক কঠিন হৈ পৰে ।"

ন্যায়াধীশ সিঙে কয় যে আবেদনকাৰীৰ সৈতে হোৱা তেওঁৰ বাৰ্তালাপৰ জৰিয়তে তেওঁ অনুমান কৰিবলৈ সক্ষম হৈছে যে তেওঁৰ সৈতে জড়িত বিপদাশংকাৰ লগতে সন্তান জন্ম দিয়া বা সমাপ্তি কৰাৰ সৈতে হোৱা মানসিক আঘাতৰ বিষয়ে অৱগত আছিল ।

উল্লেখ্য, মঙলবাৰে আদালতে 33 সপ্তাহৰ গৰ্ভৱতী এগৰাকী 26 বছৰীয়া মহিলাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল (woman appeal to abortion in court) । উক্ত আবেদনত মহিলাগৰাকীয়ে তেওঁৰ গৰ্ভধাৰণ চিকিৎসাগতভাৱে সমাপ্ত কৰিবলৈ অনুৰোধ জনাইছিল । দিল্লীৰ এলএনজেপি চিকিৎসালয়ৰ (LNJP hospital Delhi) চিকিৎসা পৰিষদে আজি ন্যায়াধীশ সিঙক জনায় যে গৰ্ভধাৰণৰ পৰ্যায় বিবেচনা কৰি গৰ্ভপাতৰ অনুৰোধ নাকচ কৰা হৈছে । উল্লেখ্য, সোমবাৰে ন্যায়াধীশগৰাকীয়ে চিকিৎসালয়ৰ নিউৰ'ছাৰ্জন (Neorosurjon) আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰো (Gynaecologist) ভাষ্য শুনে ।

নিউৰ'ছাৰ্জনে কয় যে শিশুটো কিছু পৰিমাণে অক্ষম হোৱাৰ সম্ভাৱনা আছে, কিন্তু জীয়াই থাকিব । চিকিৎসকে কয় যে তেওঁ কেঁচুৱাটোৰ "জীৱনৰ মানদণ্ড"ৰ ভৱিষ্যদ্বাণী কৰিব নোৱাৰে । কিন্তু জন্মৰ প্ৰায় 10 সপ্তাহ পিছত কিছুমান সমস্যাৰ মোকাবিলা কৰিবলৈ অস্ত্ৰোপচাৰ কৰিব পৰা যায় । অধিবক্তা অনৱেশ মধুকৰ, প্ৰাঞ্জল শেখৰ, প্ৰাচী নিৰ্বাণ আৰু য়াছিন চিদ্দিকীয়ে গোচৰটোত আবেদনকাৰীৰ হৈ যুক্তি আগবঢ়ায় ।

লগতে পঢ়ক :Marriage in Taj Mahal: তাজমহলক সাক্ষী কৰি হিন্দু প্ৰথাৰে পুনৰ বিবাহ ইটালিয়ান দম্পতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.