অসম

assam

Operation against power looms products : নাহৰকটীয়া জব্দ 89 খনৰো অধিক বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা

By

Published : Mar 17, 2023, 10:53 PM IST

Operation against power looms products
বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে নাহৰকটীয়াত প্ৰশাসনৰ অভিযান ()

বহিঃৰাজ্যৰ পৰা অহা গামোচাৰ বিৰুদ্ধে নাহৰকটীয়াত শুকুৰবাৰে চলিল হস্ততাঁত বস্ত্ৰ বিভাগ আৰু প্ৰশাসনৰ অভিযান (Operation against power looms Gamucha) ৷ এই অভিযানত জব্দ হ’ল বহু পৰিমাণৰ বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা (Many power looms gamucha Seize at Naharkatia) ৷

বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে নাহৰকটীয়াত প্ৰশাসনৰ অভিযান

ডিব্ৰুগড়, 17 মাৰ্চ : ৰাজ্যত নিষিদ্ধ হ’ল বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ । এতিয়াৰে পৰা বহিঃৰাজ্যৰ পৰা অহা মেচিনত তৈয়াৰী গামোচা, মেখেলা-চাদৰ আদি অসমত বিক্ৰী কৰিব নোৱাৰিব কোনো পাইকাৰী অথবা খুচুৰা ব্যৱসায়ীয়ে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিচতে এতিয়া উৎফুল্লিত হৈ পৰিছে থলুৱা শিপিনীসকল ।

পাৱাৰলুমৰ বস্ত্ৰ নিষিদ্ধ হোৱাৰ লগে-লগে গুৰুত্ব বাঢ়িব তাঁতশালত বোৱা অসমীয়াৰ স্বাভিমান গামোচা আৰু মেখেলা চাদৰৰ । সেয়ে ৰঙালী বিহুৰ পূৰ্বে এতিয়া দুগুণ উদ্যমেৰে তাঁতশালত ব্যস্ত হৈ পৰিছে ৰাজ্য শিপিনীসকল । বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ ৰাজ্য চৰকাৰে নিষিদ্ধ বুলি ঘোষণা কৰা পাচতেই পাৱাৰলুম তথা বহিঃৰাজ্যৰ পৰা অহা গামোচাৰ বিৰুদ্ধে নাহৰকটীয়াত চলিল হস্ততাঁত বস্ত্ৰ বিভাগ আৰু প্ৰশাসনৰ অভিযান (Operation against power looms Gamucha)।

লগতে পঢ়ক :Swachh village competition: স্বচ্ছতাৰ এক অভিনৱ প্ৰতিযোগিতা আয়োজন কৰা মৃণাল শইকীয়াক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

শুকুৰবাৰে নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈৰ নেতৃত্বত হস্ততাঁত বস্ত্ৰ বিভাগৰ এটা দলে চলাই এক অভিযান (Raid against power loom products) ৷ এই অভিযানত নাহৰকটীয়া নগৰৰ প্ৰায় 10 খনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা প্ৰায় 89 খন পাৱাৰলুমৰ গামোচা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে (Many power looms gamucha Seize at Naharkatia)।

লগতে পঢ়ক :HSLC students protest : পৰীক্ষা দীঘলীয়া হ’লে পৰীক্ষাত নবহাৰ হুংকাৰ পৰীক্ষাৰ্থীৰ

ইফালে সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈয়ে কয় যে জিলা প্ৰশাসনে গঠন কৰি দিয়া এনফৰ্চমেন্ট স্কোৱাডে এতিয়াৰ পৰা বিভিন্ন সময়ত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলাই থাকিব । সেয়ে বহিঃৰাজ্যৰ গামোচাৰ পৰিহাৰ কৰিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ প্ৰদান কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ৷

তদুপৰি নাহৰকটীয়াৰ ব্যৱসায়ীসকলক বহিঃৰাজ্যৰ গামোচাৰ পৰিৱৰ্তে থলুৱা শিপিনীসকলে প্ৰস্তুত কৰা গামোচা বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে হস্ততাঁত বস্ত্ৰ বিভাগৰ এগৰাকী বিষয়াই ।

লগতে পঢ়ক :Raid against power loom products : নলবাৰীত পাৱাৰলুমৰ গামোচা, চাদৰ-মেখেলা জব্দ

ABOUT THE AUTHOR

...view details