ETV Bharat / state

দিনদুপৰতে ডুমডুমা আৰু মৰাণত হত্যাকাণ্ড - Murder case in Assam

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 7:20 AM IST

MISCREANTS KILLED MEN : দিন দুপৰতে ডুমডুমাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ দুৰ্বৃত্তই হত্যা কৰি গাড়ীৰে পেলাই থৈ যায় জাবেদ খানক ৷ ইফালে অতি ৰহস্যজনক অৱস্থাত এটা নলাৰ পৰা উদ্ধাৰ মৰাণৰ সোমেশ্বৰ চাংমাইৰ মৃতদেহ ৷ শালপতিয়েকৰ ঘৰলৈ গৈ মৃত্যু সোমেশ্বৰৰ ৷

Etv Bharat
Etv Bharat (Etv Bharat)
দিনদুপৰতে ডুমডুমা আৰু মৰাণত হত্যাকাণ্ড (ETV BHARAT ASSAM TEAM)

তিনিচুকীয়া/ মৰাণ, ৩ মে’ : তিনিচুকীয়া জিলাত সঘনাই বৃদ্ধি পাইছে ইটোৰ পাচত সিটো হত্যাকাণ্ডৰ ঘটনা ৷ বৃহস্পতিবাৰে পুনৰ তিনিচুকীয়া জিলাৰ ডুমডুমাত দিন দুপৰতেই সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা । ডুমডুমা ৰূপাই চাইডিং ধন নগৰৰ জাবেদ খান নামৰ ২৭ বছৰীয়া যুৱকক হত্যা কৰে কোনো দুৰ্বৃত্তই ৷

পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাত জাবেদ খানক কোনো লোকে ফোন কৰি মাতিছিল ৷ ফোন পাই জাবেদ ঘৰৰ পৰা ওলাই যায় ৷ উক্ত দিনাই অতি ৰহস্যজনকভাৱে দিনৰ প্ৰায় ১১ বজাত ডুমডুমাৰ এঠেঙিয়া পথৰ দাঁতিত উদ্ধাৰ হয় জাবেদৰ মৃতদেহ ৷ তাকে লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

তিনিচুকীয়া জিলা আছুৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগে অৱগত কৰা অনুসৰি দুৰ্বৃত্তই হত্যা কৰি জাবেদক গাড়ীৰে উক্ত স্থানত পেলাই থৈ যায় ৷ সঘনাই সংঘটিত হোৱা হত্যাকাণ্ডৰ লগতে বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হোৱা স্থানসমূহ চিনাক্ত কৰি স্থায়ী তালাচীৰ ব্যৱস্থা কৰিবলৈ আৰক্ষীক আহ্বান জনায় নেওগে । ইফালে পৰৱৰ্তী সময়ত উক্ত স্থানত ডুমডুমা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

আনহাতে, উক্ত দিনাই অৰ্থাৎ বৃহস্পতিবাৰে মৰাণত উদ্ধাৰ হয় আন এটা মৃতদেহ ৷ মৰাণৰ সোণালী পথৰ এটা নলাত উদ্ধাৰ হয় মৃতদেহটো ৷ মৃতদেহটো পথালিবাম পানীতোলা নিৱাসী সোমেশ্বৰ চাংমাইৰ (৪৮) বুলি জানিব পৰা গৈছে ৷ যোৱা সোমবাৰে সোণালী পথত থকা শালপতি ক্ষীৰোদ গগৈৰ ঘৰলৈ আলহী হৈ আহিছিল ৷

বৃহস্পতিবাৰে পুৱা ভাত খাই নিজ ঘৰলৈ ৰাওনা হৈছিল যদিও শালপতিয়েকৰ ঘৰৰ সমীপতে থকা এটা নলাত পৰি মৃত্যু হয় সোমেশ্বৰৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে স্থানীয় দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : প্ৰথমতে 4 গৰাকীক ডিঙি চেপি হত্যা, পিচত কৰিলে আত্মহত্যা - FIVE PEOPLE DIED IN ONE HOUSE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.