Raid against power loom products : নলবাৰীত পাৱাৰলুমৰ গামোচা, চাদৰ-মেখেলা জব্দ

author img

By

Published : Mar 17, 2023, 10:33 PM IST

Raid against Power loom Gamosa
নলবাৰীত পাৱাৰলুমৰ গামোচা, চাদৰ-মেখেলা জব্দ ()

ৰঙালী বিহু সমাগত ৷ বিহুৰ পূৰ্বেই পাৱাৰলুমৰ গামোচা, মেখেলা চাদৰেৰে ভৰি পৰে অসমৰ বজাৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি নলবাৰীতো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে অভিযান চলাই পাৱাৰলুমৰ গামোচাৰ লগতে এশৰো অধিক মেখেলা-চাদৰ উদ্ধাৰ কৰে(Handlooms and Textiles Department conducts raid) ৷

নলবাৰীত পাৱাৰলুমৰ গামোচা, চাদৰ-মেখেলা জব্দ

নলবাৰী, ১৭ মাৰ্চ: ৰাজ্যজুৰি পাৱাৰলুমৰ গামোচা, চাদৰ মেখেলাৰ বিৰুদ্ধে যুদ্ধংদেহী তৎপৰতাৰে নামি পৰিছে ৰাজ্য চৰকাৰ (Raid against Power loom Gamosa) ৷ ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে অভিযান অব্যাহত ৰাখিছে (Handlooms and Textiles Department conducts raid)৷ শেহতীয়াকৈ ৰঙালী বিহুৰ ৰাজ্যখনৰ থলুৱা শিপিনীসকলক সকাহ দিবলৈ পাৰাৱলুমৰ গামোচাৰ লগতে মেখেলা-চাদৰসমূহ বিক্ৰী কৰিবলৈ নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷

ইয়াৰ পিচতে শুকুৰবাৰে নলবাৰীৰ জিলা প্ৰশাসনৰ লগতে হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে (Handlooms and Textiles Department) যৌথভাৱে নলবাৰী সদৰৰ কেইবাখনো দোকানত পাৱাৰলুমৰ গামোচা আৰু মেখেলা-চাদৰৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানকালত জিলা সদৰৰ কেইবাখনো দোকানৰ পৰা পাৱাৰলুমৰ গামোচাৰ লগতে এশৰো অধিক মেখেলা-চাদৰ উদ্ধাৰ কৰা হৈছে বুলি হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ নলবাৰী কাৰ্যলয়ৰ সহকাৰী সঞ্চালক চিত্তৰঞ্জন চৌধুৰীয়ে জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, ৰঙালী বিহুৰ প্ৰাকক্ষণত বহিৰাগত গামোচা, চাদৰ-মেখেলাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ বজাৰসমুহ ভৰি পৰিছে । যাৰ ফলত থলুৱা শিপিনীসকলে বজাৰৰ অভাৱত থলুৱা গামোচা, চাদৰ-মেখেলাবোৰৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে।

অভিযানত জব্দকৃত বহিৰাগত গামোচা, চাদৰ-মেখেলা ব্যৱসায়ীয়ে এই অভিযানৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, আমি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা পোৱাৰ পিচতেই বিক্ৰী বন্ধ কৰি দিছো ৷ কিন্তু আমি জি এছ টি প্ৰদান কৰি বস্ত্ৰবোৰ ক্ৰয় কৰি আনিছো । বাহিৰৰ পৰা আজিও এনেদৰে গামোচা, চাদৰ-মেখেলা আমদানি হৈ আছে । আমাক অনা সামগ্ৰীসমূহ থানথিত কৰিবলৈ অলপ সময় লাগিব ৷ আমি এই আইনখন বলৱৎ কৰাত সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো ৷

জানিব পৰামতে দীৰ্ঘদিনৰ চেন্নাইৰ পৰা অসমলৈ বৃহৎ পৰিমাণৰ পাৱাৰলুমত প্ৰস্তুত কৰা গামোচা, মেখেলা চাদৰ আমদানি কৰা হয় ৷ কিন্তু বৰ্তমান সময়ত এই বজাৰখন গুজৰাটৰ একাংশ ব্যৱসায়ীৰ হাতলৈ হস্তান্তৰ হৈছে ৷

লগতে পঢ়ক: Beautiful scenery of Jonai : জোনাইৰ বেৰাচাপৰিৰ চিয়াং নদীৰ পাৰত বেঙুনীয়া দলিচাৰ আচ্ছাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.