অসম

assam

Martyr Purnakanta Nirmaliya : নাহৰকটীয়াত শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ সমাধিস্থল পুনৰ নিৰ্মাণ কৰিলে আছুৱে

By

Published : Mar 18, 2023, 9:15 PM IST

Martyr Purnakanta Nirmaliya
নাহৰকটীয়াত শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ সমাধিস্থল পুনৰ নিৰ্মাণ ()

ডিব্ৰুগড়ৰ নাহৰকটীয়াত পুনৰ নিৰ্মাণ কৰা হ’ল শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ সমাধিস্থল (Martyr Purnakanta Nirmaliya cemetery) ৷ নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত পুনৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে শ্বহীদগৰাকীৰ সমাধিস্থল ৷

নাহৰকটীয়াত শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ সমাধিস্থল পুনৰ নিৰ্মাণ

ডিব্ৰুগড়,১৮ মাৰ্চ :১৯৭৯ চনৰ ৮ আগষ্টৰ পৰা ১৯৮৫ চনৰ ৪ অক্টোবৰলৈকে সুদীৰ্ঘ ৭ টা বছৰ চলিছিল বিদেশী বহিষ্কাৰ আন্দোলন ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা বিদেশী বহিষ্কাৰ আন্দোলন প্ৰথম শ্বহীদ আছিল ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ প্ৰয়াত গিৰীশ নিৰ্মলীয়া আৰু প্ৰমিলা নিৰ্মলীয়াৰ পুত্ৰ পূৰ্ণকান্ত নিৰ্মলীয়া (Martyr Purnakanta Nirmaliya) ৷ শ্বহীদগৰাকীৰ জন্মস্থান নাহৰকটীয়াত তেওঁৰ সমাধিস্থল আজিও বিৰাজমান ।

অসম আন্দোলনৰ প্ৰথম পৰ্যায়ৰ এইগৰাকী শ্বহীদৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত কিন্তু আজি পৰ্যন্ত কোনো এখন চৰকাৰে তথা জনপ্ৰতিনিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত নহ'ল । সেয়ে এইগৰাকী শ্বহীদৰ ১৯৭৯ চনতে নিৰ্মাণ কৰা সমাধিস্থল জহি খহি যোৱাত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই আটকধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰি উলিওৱা সমাধিস্থল শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় (Naharkatia AASU Re construct of Martyr Purnakanta Nirmaliya cemetery)।

লগতে পঢ়ক :HSLC question paper leak: SEBA বিৰোধী প্ৰতিবাদত উত্তাল খাৰুপেটীয়া

এই অনুষ্ঠানৰ কাৰ্যসূচী উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ৷ শুকুৰবাৰে আয়োজিত এই কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক টচেন ডেকা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, পূৰ্ণকান্ত নির্মলীয়াৰ পৰিয়ালবৰ্গ, গাঁওবাসীকে আদি ধৰি বহুসংখ্যক লোক উপস্থিত থাকে ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, ‘‘অসম আন্দোলনত বহুলোক শ্বহীদ হ’ল । তেওঁলোকৰ ত্যাগৰ বাবেই আজি অসমীয়া জাতিয়ে মূৰ দাঙি জীয়াই থাকিব পাৰিছো । সেয়ে সদৌ অসম ছাত্ৰ সন্থাই সদায় শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছো’’ ।

লগতে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ সমাধিস্থল পুনৰ নিৰ্মাণৰ বাবে যি উদ্যোগ ল’লে তাৰ বাবেও নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাক ধন্যবাদ জনালে আছুৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক :Beautiful scenery of Jonai : জোনাইৰ বেৰাচাপৰিৰ চিয়াং নদীৰ পাৰত বেঙুনীয়া দলিচাৰ আচ্ছাদন

ABOUT THE AUTHOR

...view details