HSLC question paper leak: SEBA বিৰোধী প্ৰতিবাদত উত্তাল খাৰুপেটীয়া

By

Published : Mar 18, 2023, 2:25 PM IST

thumbnail

দলগাঁও , ১৮ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো ফাদিল হোৱাত এই বিষয়ৰ পৰীক্ষাও বাতিল ঘোষণা কৰে ছেবাই ৷ ইয়াৰ পিছতেই শিক্ষাৰ্থীসকলৰ লগতে বিভিন্ন দল-সংগঠনে ছেবাৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত ৰাখিছে ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শনিবাৰেও শিক্ষাৰ্থীসকলৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে (HSLC question paper leak)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ খাৰুপেটীয়াতো অব্যাহত আছে ছেবাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ।  

শনিবাৰে খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শ শ শিক্ষাৰ্থীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উপ্তপ্ত কৰি তোলে (Student protest at Kharupetia)। শিক্ষাৰ্থী সকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মেট্ৰিক পৰীক্ষা বাতিল কৰক, ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা নচলিব, ছেবা মূর্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰে খাৰুপেটীয়াৰ ৰাজপথ (Protest against SEBA at Darrang)। ফলত খাৰুপেটীয়াৰ ঘাই‌পথৰ‌ লগতে উপ পথ সমূহতো তীব্ৰ যান -জটৰ সৃষ্টি হয় । পিছত ঘটনাস্থলীত দৰং আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক:Bridge on Kapili collapsed during construction: নিৰ্মাণ সম্পূৰ্ণ নহওতেই দলং ভাঙি পৰাক লৈ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.