অসম

assam

Muga farming in Moran:মুগা পালনেৰেই দীৰ্ঘদিন ধৰি পৰিয়াল চলাই আছে মৰাণৰ মুগা পালক সকলে

By

Published : May 29, 2023, 9:50 AM IST

muga farming

মুগা পালনেৰে পৰিয়াল পোহপাল দি অহা মৰাণৰ মুগা পালকসকলে চৰকাৰৰ ৰেচম বিভাগৰ কোনো ধৰণৰ সহায় আজিলৈকে লাভ কৰা নাই ৷ মুগা পালনেৰে স্বাৱলম্বীতাৰ উদাহৰণ দাঙি ধৰা এইসকল মুগা পালকে চৰকাৰক অনুৰোধ জনাইছে যে চৰকাৰী কোনো ব্যক্তি এবাৰ যাতে তেওঁলোকৰ খেতিৰ স্থানত উপস্থিত হয় (Muga farming) ৷

মুগা পালন

ডিব্ৰুগড়, 29 মে’ :প্রাচীন কালৰে পৰাই মুগা শিল্পই অসমক সুকীয়া মৰ্যদা প্ৰদান কৰি আহিছে (Assam's pride muga) । অতি সম্প্রতি জলবায়ুগত কাৰণতে অসমত মুগাৰ উৎপাদন উদ্বেগজনক হাৰত হ্রাস পাইছে । তথাপিও মুগা উৎপাদন কৰি জীৱিকাৰ বাট বুলিছে বহু মুগা পালকে । ক্ৰমাৎ লুপ্তপ্ৰায় এই মুগা খেতিত ব্যস্ত উজনি অসমৰ আদৰ্শ মুগা পালকসকল । মুগা পালনেৰে স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মৰাণৰ কেইজনমান ব্যক্তিয়ে ৷

মৰাণৰ নাহৰণি ন-পথাৰৰ এখন চুমনিত এনেদৰেই মুগা পালনত ব্যস্ত ব্যক্তিকেইজন (Muga farming) । বৰ মুগা পালন কৰি ব্যক্তিকেইজনে প্ৰতি বছৰে উপাৰ্জন কৰে ধন । চৰকাৰৰ ৰেচম বিভাগৰ কোনো ধৰণৰ সহায়তা অবিহনেই ব্যক্তিকেইজনে নিজা প্ৰচেষ্টাৰেই চলাই গৈছে এই মুগা ব্যৱসায় (Muga farming in Moran) । অসমৰ মুগাৰ সোণোৱালী সূতাৰ বিশ্বত এক সুকীয়া পৰিচয় আছে যদিও চৰকাৰৰ ৰেচম বিভাগে এই বিষয়ত তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । তৎসত্ত্বেও নাহৰণি গাঁৱৰ ব্যক্তিকেইজনে এই উদ্যোগটো জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে ।

প্ৰায় ৩৫ দিনীয়া কাৰ্যসূচীৰে গাঁওখনৰ ৮ জন ব্যক্তিয়ে ১০ বিঘা মাটিৰ চুমনিত পালন কৰিছে এই মুগা (Muga farming in Assam) । কিন্তু দুখৰ কথা যে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ সবল কৰি পৰিয়াল পোহপাল দিয়া এই সকল আদৰ্শ মুগা পালকে আজিও লাভ কৰা নাই চৰকাৰী সাহাৰ্য ।

মুগা পালকসকলে এতিয়া চৰকাৰী সহায়ৰ বাবে আৰু মুগাৰ লগতে সূতাৰ উপযুক্ত মূল্য দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে (Muga herder) । ব্যক্তিকেইজনৰ আশা চৰকাৰে যদি এই ব্যৱসায়টোক গুৰুত্ব দিয়ে তেন্তে সোণোৱালী সূতা প্ৰস্তুত কৰিও বহু সংখ্যক নিবনুৱাই ভৱিষ্যতে সংস্থাপনৰ পথ পাবলৈ সক্ষম হ’ব ।

লগতে পঢ়ক :Road Accident in Guwahati: মহানগৰীৰ খানাপাৰাত গভীৰ খাৱৈত বাগৰি পৰিল চাৰিচকীয়া বাহন

ABOUT THE AUTHOR

...view details