অসম

assam

Chakradhar Gogoi Budget Reaction: বাজেটক লৈ অত্যন্ত আশাবাদী বিধায়ক চক্ৰধৰ গগৈ

By

Published : Mar 19, 2023, 9:18 AM IST

Chakradhar Gogoi on Assam Budget

2023-24 বৰ্ষৰ বাজেটে মৰাণ সমষ্টিৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিব বুলি মন্তব্য মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ ৷ 2023-24 বৰ্ষটো মৰাণ সমষ্টিৰ বাবে আশাৰ বৰ্ষ, উত্তৰণৰ বৰ্ষ বুলি অভিহিত কৰে বিধায়ক গৰাকীয়ে (Mla Chakradhar Gogoi comments on budget) ৷

বাজেট সন্দৰ্ভত সাংবাদিকৰে মত বিনিময় মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ

মৰাণ, 19 মাৰ্চ: অসম বিধানসভাত 16 মাৰ্চত ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে দাখিল কৰিলে 2023-24 বৰ্ষৰ বিত্তীয় বাজেট (Assam Budget 2023)। বাজেট দাখিলৰ পাচতেই বিৰোধী ৰজনৈতিক দল সমূহে চৰকাৰৰ এই বাজেটক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । একাংশই এই বাজেটক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলি দাবী কৰাৰ বিপৰীতে আন একাংশই সমাগত নিৰ্বাচনক লক্ষ্য কৰি এই বাজেট নিৰ্মাণ কৰা বুলি দাবী কৰিছে (Opposition unhappy with Assam Budget)। ইয়াৰ মাজতেই 2023-24 বৰ্ষৰ বাজেটে মৰাণ সমষ্টিৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি মন্তব্য কৰিছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে (Mla Chakradhar Gogois comments on budget)।

যোৱা 18 মাৰ্চ, শনিবাৰে মৰাণৰ সমীপৰ তিলৈ গ্ৰাম্য বজাৰৰ বিজেপি কাৰ্যালয়ত বাজেটক লৈ সাংবাদিকৰে মত বিনিময় কৰে বিধায়ক গৰাকীয়ে (MLA Chakradhar Gogoi interacts with reporters) ৷ এই অনুষ্ঠানত আন্তঃগাঁথনিৰ ক্ষেত্ৰত মৰাণ সমষ্টিৰ ৰাইজৰ সাংঘাটিক উন্নতি হ'ব বুলি উল্লেখ কৰে বিধায়কজনে । বিধায়কজনে কয় যে, নতুন বাজেটত ধাৰ্য কৰা ধনেৰে মৰাণ সমষ্টিৰ 25ৰ পৰা 30 কিলোমিটাৰ গ্ৰাম্য পথ বনোৱা হ'ব । ইয়াৰ উপৰিও অতিৰিক্তভাৱে প্ৰায় 9 খন কাঠ আৰু বাঁহৰ দলং পকীকৰণ কৰা হ'ব (Chakradhar Gogoi on Assam Budget)।

খোৱাং চাহ বাগিচাত প্ৰায় 3 কোটি টকাৰে এখন আদৰ্শ হাইস্কুল নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে বিধায়কজনে । লগতে মৰাণ সমষ্টিৰ অন্তৰ্গত 50 টাৰো অধিক নামঘৰক 2.50 লাখ টকাকৈ প্ৰদান কৰা হ'ব বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।

বাজেটত ঘোষণা কৰা অনুসৰি, এই মাহৰ শেষৰ ফালে সমষ্টিবাসীয়ে আৰু প্ৰায় 20টা মডেল অংগনবাদী কেন্দ্ৰ লাভ কৰাৰ লগতে এখন CBSEৰ মডেল স্কুল সমষ্টিৰ অন্তৰ্গত এলেকাত নিৰ্মাণ হ'ব বুলি মন্তব্য কৰে তেওঁ ৷ বাগিচা অঞ্চলৰ ৰাইজৰ উন্নয়নৰ বাবে 10 কিলোমিটাৰকৈ পথ পকীকৰণকে ধৰি বহু কেইটা উন্নয়নমূলক কাম কৰাৰ লক্ষ্য লোৱা বুলি বিধায়কজনে সাংবাদিকৰ আগত উল্লেখ কৰে (MLA Chakradhar Gogoi reacts to Assam Budget)।

ইফালে হিতাধিকাৰী সৃষ্টিয়ে সাধাৰণ ৰাইজক উন্নতিহে কৰিছে বুলি মন্তব্য কৰে বিধায়কজনে । গাঁও বা বাগিচা অঞ্চলত বাস কৰা অধিকাংশ লোক আৰ্থিকভাৱে দুৰ্বল । যিকোনো এটা কাম কৰিবলৈ মানুহক এটা মূলধনৰ প্ৰয়োজন । সেই মূলধন যোগান ধৰি মানুহজনক আৰ্থিকভাৱে সহায় কৰিবলৈ হিতাধিকাৰী আঁ‌চনি লোৱা হৈছে বুলি তেওঁ মন্তব্য কৰে । 2023-24 বৰ্ষটো মৰাণ সমষ্টিৰ বাবে আশাৰ বৰ্ষ, উত্তৰণৰ বৰ্ষ বুলিও অভিহিত কৰে বিধায়ক গৰাকীয়ে (Assam assembly budget session) ৷

লগতে পঢ়ক:Deprived of health service in Assam: ৰাজ্যৰ বিভিন্ন জিলাত সহজলভ্য নহয় চৰকাৰী স্বাস্থ্যসেৱা

ABOUT THE AUTHOR

...view details