Deprived of health service in Assam: ৰাজ্যৰ বিভিন্ন জিলাত সহজলভ্য নহয় চৰকাৰী স্বাস্থ্যসেৱা

author img

By

Published : Mar 18, 2023, 10:24 PM IST

Deprived of benefits in Health Sector in Assam

স্বাস্থ্যখণ্ডৰ বাবে চৰকাৰে চকুত লগা পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিভিন্ন ক্ষেত্রত ৰাইজে লাভ কৰা নাই উপযুক্ত সুবিধা । ৰাজ্য়ৰ ২৩ খন জিলা চিকিৎসালয়ত আই চি ইউ উপলব্ধ যদিও ৫ খন জিলাত কার্যক্ষম নহয় । ৰাজ্যখনৰ মাথোঁ ৯৮ খন স্বাস্থ্য প্রতিষ্ঠানতহে আছে অস্ত্রোপচাৰ কক্ষ । ৰাজ্যৰ ৭ খনকৈ জিলাত নাই চৰকাৰীভাৱে কোনো ব্লাড বেংকৰ ব্যৱস্থা (No Blood Bank in 7 district in Assam)। প্ৰয়োজনীয় আন্তঃগাঁথনি অবিহনেই চলি আছে ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ চিকিৎসা সেৱা ।

গুৱাহাটী, ১৮ মাৰ্চ: ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ তথা গ্ৰহণ কৰাৰ লগতে প্ৰত্যেক বছৰে বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে । শেহতীয়া ২০২৩-২৪ বৰ্ষৰ বাজেটতো স্বাস্থ্যখণ্ডৰ বাবে সাত হাজাৰ কোটি টকাৰো অধিক পুঁজি ধাৰ্য কৰা হৈছে । ইফালে, চৰকাৰে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে । স্বাস্থ্যখণ্ডৰ বাবে চৰকাৰখনে চকুত লগা পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিভিন্ন ক্ষেত্রত কিন্তু ৰাইজে প্ৰকৃত সুবিধা লাভৰ পৰা বঞ্চিত হৈছে (Deprived of benefits in Health Sector in Assam)।

Deprived of benefits in Health Sector in Assam
আন্তঃগাঁথনি অবিহনেই চলিছে চৰকাৰী স্বাস্থ্যখণ্ডৰ চিকিৎসা সেৱা

এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সহজলভ্য নহয় স্বাস্থ্যসেৱা । ক'বলৈ গ'লে বাস্তৱত চৰকাৰী স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বর্তমান সময়তো পুতৌলগা অৱস্থাতে আছে । কেইবাখনো জিলাৰ কোনো এখন চৰকাৰী চিকিৎসালয়ত আই চি ইউ বিচনা উপলব্ধ নহয় ( ICU beds not available in government hospitals )। বহুতো জিলা অসামৰিক চিকিৎসালয়ত আকৌ আই চি ইউ বিচনা থাকিও কার্যক্ষম নহয় । সেইদৰে কেইবাখনো জিলাত নাই ভেন্টিলেটৰযুক্ত বিচনা । তদুপৰি ৰাজ্যৰ কেইবাখনো জিলাত নাই ব্লাড বেংকৰ দৰে অতি জৰুৰী সেৱা (Lack of Blood Bank at government hospitals in Assam)।

উল্লেখ্য যে ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়ৰ আন্তঃগাঁথনিৰ মূল আধাৰ হিচাপে থাকিব লগা অস্ত্রোপচাৰ কক্ষৰো নাটনি হোৱা দেখা গৈছে । আজিৰ তাৰিখতো ৰাজ্যৰ ৭৬৮টা উপ-স্বাস্থ্যকেন্দ্ৰৰ নিজা চৰকাৰী ভৱন নাই । ইয়াৰে ৬৫৮টা উপ-স্বাস্থ্যকেন্দ্ৰৰ ভৱন ভাৰাঘৰত চলাই থকাৰ বিপৰীতে ১১০টা উপ-স্বাস্থ্যকেন্দ্ৰ আন প্ৰতিষ্ঠানৰ ঘৰৰ অধীনত চলাই থকা হৈছে ।

Deprived of benefits in Health Sector in Assam
আন্তঃগাঁথনি অবিহনেই চলিছে চৰকাৰী স্বাস্থ্যখণ্ডৰ চিকিৎসা সেৱা

তদুপৰি ৰাজ্যখনৰ আন্তঃগাঁথনিৰ পৰা মানৱ সম্পদলৈ সকলোতে ভাৰতীয় জনস্বাস্থ্যমান অনুসৰণ কৰাটো কঠিন হৈ থকা বুলি শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এক পর্যালোচনা বৈঠকত অকপট স্বীকাৰ কৰিছে । তথ্য অনুসৰি বৰ্তমান সময়ত ৰাজ্যৰ স্বাস্থ্য প্রতিষ্ঠানসমূহ অর্থাৎ চিকিৎসা মহাবিদ্যালয়, জিলা চিকিৎসালয়, মহকুমা অসামৰিক চিকিৎসালয়, সমূহীয়া স্বাস্থ্যকেন্দ্র, প্রাথমিক স্বাস্থ্যকেন্দ্ৰকে ধৰি মুঠতে ২,১২৩খন আই চি ইউ বিচনা আৰু ১,৫৫৬ খন ভেন্টিলেটৰ সহায়ক বিছনা আছে । ইয়াৰে ভিতৰত ২৩ খন জিলা চিকিৎসালয়ত আই চি ইউ উপলব্ধ যদিও ৫ খন জিলা চিকিৎসালয়ত আই চি ইউ বিচনা থাকিও কার্যক্ষম নহয় । এখন জিলা চিকিৎসালয়ত আই চি ইউ বিচনা নাই ।

আই চি ইউ বিচনা থাকিও কার্যক্ষম নোহোৱা জিলা অসামৰিক চিকিৎসালয়কেইখনৰ ভিতৰত বৰপেটা চিভিল হাস্পতালত (কলগাছিয়া) ১৪খন আই চি ইউ বেড আছে যদিও কার্যক্ষম নহয় । তেনেদৰে এছ এম দেৱ চিভিল হাস্পতালত (শিলচৰ) ৫খন আই চি ইউ বিচনা আছে যদিও কার্যক্ষম নহয় । হাফলং অসামৰিক হাস্পতালত ১১ খন আই চি ইউ বিছনা আছে যদিও কার্যক্ষম নহয় । কামৰূপৰ তোলাৰাম বাফনা অসামৰিক হাস্পতালত নাই এখনো আই চি ইউ বিচনা । তদুপৰি বজালী চৰকাৰী চিকিৎসালয়ত ৪খন আই চি ইউ বিচনা স্থাপন কৰা হৈছে যদিও কার্যক্ষম নহয় ।

Deprived of benefits in Health Sector in Assam
আন্তঃগাঁথনি অবিহনেই চলিছে চৰকাৰী স্বাস্থ্যখণ্ডৰ চিকিৎসা সেৱা

একেদৰে আই চি ইউ বিচনা নাই বিশ্বনাথ, দক্ষিণ শালমাৰা মানকাচৰ আৰু তামুলপুৰত । আনহাতে, জিলা ভিত্তিক তথ্য অনুসৰি বৰ্তমান আই চি ইউ বিচনা আছে ক্ৰমে বাক্সাত ১৭খন, বৰপেটাত ১১১খন, বঙাইগাঁৱত ২০খন, কাছাৰত ২৭০খন, চৰাইদেউত ১৬খন, চিৰাঙত ২৩খন, দৰঙত ১৪খন, ধেমাজিত ৬খন, ধুবুৰীত ৬খন, ডিব্ৰুগড়ত ২২০খন, গোৱালপাৰাত ৬খন, গোলাঘাটত ৩১খন, হাইলাকান্দিত ১৫খন, হোজাইত ২২খন, যোৰহাটত ১৯৮খন, কামৰূপত ৩৬খন, কামৰূপ মেট্ৰ'ত ৭৪২খন, কাৰ্বি আংলঙত ৪১খন, কৰিমগঞ্জত ২০খন, কোকৰাঝাৰত ১৬খন, লখিমপুৰত ১০খন, মাজুলীত ৫খন, মৰিগাঁৱত ১৯খন, নগাঁৱত ৪৮খন, নলবাৰীত ৩০খন, শিৱসাগৰত ৩০খন, শোণিতপুৰত ১১৭খন, তিনিচুকীয়াত ১৫খন আৰু ওদালগুৰিত ১৫খন। ইফালে, ৰাজ্যখনৰ ভেণ্টিলেটৰ সহায়ক বিচনা নথকা জিলা চিকিৎসালয় কেইখন হৈছে বজালী, বিশ্বনাথ, বঙাইগাঁও, ধেমাজি, ধুবুৰী, ডিমা হাচাও, হোজাই, যোৰহাট আৰু দক্ষিণ শালমাৰা ।

তদুপৰি ৰাজ্যখনৰ মাথোঁ ৯৮খন স্বাস্থ্য প্রতিষ্ঠানতহে অস্ত্রোপচাৰ কক্ষ আছে । ইয়াৰে আকৌ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কোনো এখন চিকিৎসালয়তে নাই এটিও অস্ত্রোপচাৰ কক্ষ । উল্লেখ্য যে অস্ত্রোপচাৰ কক্ষৰ সৈতে অতি প্ৰয়োজনীয় ব্যৱস্থাৱলীৰ ভিতৰত পৰে ব্লাড বেংক সেৱা । কিন্তু তথ্য অনুসৰি ৰাজ্যৰ ৭খনকৈ জিলাত নাই চৰকাৰীভাৱে কোনো ব্লাড বেংকৰ ব্যৱস্থা । বজালী, চৰাইদেউ, হোজাই, দক্ষিণ শালমাৰা, কাৰ্বি আংলং জিলাত নাই এটাও ব্লাড বেংকৰ ব্যৱস্থা ।

Deprived of benefits in Health Sector in Assam
আন্তঃগাঁথনি অবিহনেই চলিছে চৰকাৰী স্বাস্থ্যখণ্ডৰ চিকিৎসা সেৱা

এনেদৰেই প্ৰয়োজনীয় আন্তঃগাঁথনি অবিহনেই ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডত চিকিৎসা সেৱা চলাই থকা হৈছে । ইফালে, ৰাজ্যখনত ৩.৫ কোটি জনতাক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ প্ৰয়োজনীয় চিকিৎসক, বিশেষজ্ঞ চিকিৎসকৰ অভাৱ দীৰ্ঘদিনীয়া । ইয়াৰ লগতে নাৰ্ছ, ফার্মাচিষ্ট, লেব'ৰেটৰী টেকনিচিয়ান আদিৰো প্ৰয়োজন অনুপাতে যথেষ্ট কম । কিন্তু তাৰ পিছতো ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে ।

লগতে পঢ়ক:HSLC question paper leak : ভূগোলৰ প্ৰশ্নকাকত ফাদিল, ছেবাৰ অস্বীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.