অসম

assam

Har Ghar Tiranga Abhiyan: ডিব্ৰুগড়ত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে

By

Published : Jul 22, 2022, 10:49 PM IST

ডিব্ৰুগড়ত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে (DC Bishwajit Pegu inaugurates Har Ghar Tiranga Abhiyan) ৷

Har Ghar Tiranga Abhiyan will celebrated in  Dibrugarh
ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় পতাকা উদ্ধোধন কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে

ডিব্ৰুগড়, 22 জুলাই :ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ (Amrit Mahotsav)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে ৷ চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰি জিলাখনত পূৰ্বতকৈ অধিক উলহ-মালহেৰে এইবাৰৰ স্বাধীনতা দিৱস উদযাপন কৰিবৰ বাবে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন (Independence Day Amrit Mahotsav preparations) ।

এইবাৰ স্বাধীনতা দিৱসৰ উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিশেষ অভিযান "হৰ ঘৰ তিৰংগা অভিযান" কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি (Har Ghar Tiranga Abhiyan in Dibrugarh)৷ বিজেপিৰ দলীয় নেতৃত্বই এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে ৰাজ্যিক বিজেপিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিধায়ক প্ৰশান্ত ফুকনৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে(DC Bishwajit Pegu) আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ‘‘হৰ ঘৰ তিৰংগা অভিযান’’ৰ কাৰ্যসূচী ৷

ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় পতাকা উদ্ধোধন কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশৰ পিছতেই সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়ত 13 আগষ্টৰ পৰা 15 আগষ্টলৈকে "হৰ ঘৰ তিৰংগা" কাৰ্যসূচী ৰূপায়ণ কৰিব বিজেপি নেতা-কৰ্মীসহ মন্ত্ৰী বিধায়কসকলে । ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন ঘৰত ৰাষ্ট্ৰীয় পতাকা উৰিব লাগিব বুলি ঘোষণা কৰে ৷ ৰাজ্যৰ সুলভ মূল্যৰ দোকানত কম মূল্যত ৰাজ্যৰ প্ৰতিজন লোকে ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰিব পৰাকৈ ব্যৱস্থা কৰা হ'ব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় পতাকা উদ্ধোধন কৰিলে উপায়ুক্ত বিশ্বজিৎ পেগুৱে

আজি ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত সংঘমিত্ৰা বৰুৱা, লাহোৱাল উন্নয়ন খণ্ডৰ বিষয়া বেদব্ৰত পেগুৰ লগতে জিলাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:Amrit Mahotsav preparations in Darrang: দৰং জিলাত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details