অসম

assam

Jal Jeevan mission scheme:প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জন্ম গাঁৱতে জল জীৱন মিছন আঁচনিৰ কামত ব্যাপক খেলিমেলি

By

Published : Aug 8, 2023, 4:08 PM IST

জল জীৱন মিছন আঁচনিৰ নামত চলিছে ব্যাপক দুৰ্নীতি ৷ চাবুৱাৰ জেৰাই গাঁৱত ঠিকাদাৰে নিম্ন মানদণ্ডৰে কাম কৰাৰ অভিযোগ তুলিছে ৰাইজে ৷

corruption in implementation of jal jeevan mission scheme
নিম্ন মানদণ্ডৰ কাম

নিম্ন মানদণ্ডৰ কাম

ডিব্ৰুগড়, 8 আগষ্ট : ‘ঘৰ ঘৰ নল, ঘৰ ঘৰ জল’ এই শ্ল’গানেৰে প্ৰতিখন ঘৰতেই জল জীৱন আঁচনিৰ জৰিয়তে খোৱাপানী যোগানৰ ব্যৱস্থা কৰাৰ সংকল্প লৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে । কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰৰ এই জল জীৱন মিছনৰ আঁচনি কাৰ্যকৰী কৰা বাবে অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ কাম চলি আছে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ কাম লেহেমীয়া নকৰিবলৈ ঠিকাদাৰ সকলক ইতিমধ্যে নিৰ্দেশ দিছে । কিন্তু খোদ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্ম গাঁও চাবুৱাৰ জেৰাই গাঁৱত জল জীৱন আঁচনিৰ কামত ব্যাপক খেলিমেলিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । বিগত কেইটামান বছৰৰ পৰা নিৰ্মাণ কাৰ্য চলাই থকা জল জীৱন আঁচনি প্ৰকল্পটোত নিম্ন মানৰ সামগ্ৰীৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা লগতে পানীৰ পাইপসমূহ যিদৰে তিনি ফুট দ’ নলা খান্দি পুতিব লাগে তেনে ব্যৱস্থা গ্ৰহণ কৰা নাই ঠিকাদাৰে । কেৱল অলপকৈ নলা খান্দিয়েই পাইপ পোতাৰ ব্যৱস্থা কৰিছে ।

ৰাইজৰ অভিযোগ পাইপ পোতাৰ বাবে খন্দা পথৰ কাষৰ নলাসমূহ চাৰি পাঁচ মাহতকৈ অধিক সময় উন্মুক্ত কৰি ৰাখিছে ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি সচেতন ব্যক্তিয়ে অভিযোগ তুলিছে । খান্দি ৰখা নলাত গৰু-ছাগলী, দুচকীয়া-চাৰিচকীয়া বাহন সোমাই যোৱাৰ লগতে আজি পৰ্যন্ত কেইবাটাও শিশু নলাত সোমাই আঘাতপ্ৰাপ্ত হৈছে । সেয়ে ৰাইজে জল জীৱন আঁচনিৰ প্ৰকল্পটোৰ নিৰ্মাণত সংঘটিত অনিয়মৰ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৃৰ্তপক্ষক দাবী জনাইছে । লগতে নিৰ্মাণ কাৰ্য যাতে খৰতকীয়া হয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

এতিয়া কথা হ’ল খোদ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জন্ম গাঁৱতে যদি জলজীৱন মিছন আঁচনি নিৰ্মাণত এই অৱস্থাৰ সৃষ্টি হৈছে তেনেহ’লে অন্য ঠাইত এই আঁচনিৰ কাম কিমান ফলপ্ৰসূ হ’ব সেয়াহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক :Jal Jeevan Mission corruption:বিলাসীপাৰাত "ঘৰ ঘৰ নল, ঘৰ ঘৰ জল" শ্ল’গান পৰিণত হৈছে ফ্লপ শ্ব’ত

ABOUT THE AUTHOR

...view details