অসম

assam

নীপকোৰ ব্যক্তিগতকৰণক লৈ আছুৰ প্ৰতিবাদ

By

Published : Nov 19, 2019, 10:41 PM IST

নীপকোক ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা আছুৰ ৷ ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে মঙলবাৰে আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৷

নীপকোৰ ব্যক্তিগতকৰণক লৈ আছুৰ প্ৰতিবাদ

ডিব্ৰুগড়, 19 নৱেম্বৰ:নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদ মাৰ নৌ-যাওঁতেই দুলীয়াজানত নীপকোক ব্যক্তিগতখণ্ডৰ হাতত গতাবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ আছুৰ ৷ দুলীয়াজানৰ বকুলনীৰ নীপকো প্ৰকল্পৰ সন্মুখত আছুৰ এই প্ৰতিবাদ । নীপকোক ব্যক্তিগতখণ্ডৰ হাতত গতাবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰি মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে৷ বকুলনী নীপকো প্ৰকল্পৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ভাদৈ শাখা ছাত্ৰ সন্থাই ৷

নীপকোৰ ব্যক্তিগতকৰণক লৈ আছুৰ প্ৰতিবাদ

প্ৰতিবাদী আছুৰ কৰ্মী সকলে নীপকোক ব্যক্তিগত খণ্ডলৈ গতাবলৈ দিয়া নহ’ব, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তুলে । আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়ায় ৷

লগতে চাওক-গোলাঘাটৰ উদয়ন চাহ বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত

ABOUT THE AUTHOR

...view details