ETV Bharat / state

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী : 24 জুনলৈকে ৰেহাই নাই - Red Alert in Assam

Regional Meteorological Centre : 24 জুনলৈকে ৰাজ্যত অব্যাহত থাকিব পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে এই তথ্য় ৷ পঢ়ক সবিশেষ...

RED ALERT IN ASSAM
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী (Regional Meteorological Centre)
author img

By ETV Bharat Assamese Team

Published : June 18, 2024 at 8:19 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 18 জুন: মঙলবাৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ 11 খন জিলাত প্ৰযোজ্য হোৱাকৈ জাৰি কৰিছে ৰেড এলাৰ্ট ৷ তদুপৰি 9 খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ৷

সেই অনুসৰি, ৰেড এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে ক্ৰমে কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, বাক্সা, চিৰাং, বৰপেটা, দক্ষিণ কাৰ্বি আংলং, তামুলপুৰ, গোৱালপাৰা, কাছাৰ আৰু ডিমা হাছাও ৷ আনহাতে, ওদালগুৰি, মৰিগাঁও, দৰং, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়াত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ৷

RED ALERT IN ASSAM
9 খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট (Regional Meteorological Centre)

লগতে পঢ়ক: ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত, ১.০৫ লাখ লোক ক্ষতিগ্রস্ত - Assam Flood 2024

এইকেইখন জিলাত 24 জুনলৈকে অব্যাহত থাকিব পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ ৷ গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, উত্তৰ-পূৱ অসম আৰু দাঁতি কাষৰীয়া অঞ্চলৰ সমুদ্ৰ গড়পৃষ্ঠৰ 1.5 কিল’মিটাৰৰ ওপৰত ঘূৰ্ণী বতাহৰ প্ৰভাৱ অব্যাহত আছে । তদুপৰি মধ্য উত্তৰ প্ৰদেশৰ পৰা উত্তৰ পশ্চিম বিহাৰ, পশ্চিমবংগ, অসম হৈ পূৱ মেঘালয়লৈকে সমুদ্ৰ গড় পৃষ্ঠৰ 1.5 কিল’মিটাৰৰ ওপৰত নিম্ন চাপ দীঘলীয়া অঞ্চল বিৰাজমান ।

RED ALERT IN ASSAM
11 খন জিলাত ৰেড এলাৰ্ট (Regional Meteorological Centre)

লগতে পঢ়ক: একেটা মাহতে দ্বিতীয়টো বানত বুৰিল হোজাই - assam flood 2024

আনহাতে, ৰেড এলাৰ্ট জাৰি কৰা জিলাসমূহত বিজুলী ঢেৰেকনিৰে প্ৰচুৰ বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইপিনে উত্তৰ-পূৱ অসম আৰু দাঁতি কাষৰীয়া অঞ্চলৰ সমুদ্ৰ গড় পৃষ্ঠৰ 1.5 কিল’মিটাৰৰ ওপৰত ঘূৰ্ণী বতাহৰ প্ৰভাৱত 19 জুনলৈকে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে ৷

লগতে পঢ়ক: পুনৰ ভয়াৱহ বানৰ আশংকা : সম্ভাব্য পৰিস্থিতিৰ বাবে জিলা আয়ুক্তলৈ এশ কোটি টকা মঞ্জুৰ - Assam Flood 2024

ইপিনে গুৱাহাটী চহৰত সোমবাৰৰ দিনটোত 51.4 মিলিমিটাৰত আৰু মঙলবাৰে 27.6 মিলিমিটাৰত বৰষুণ হোৱা বুলি জানিব পৰা গৈছে ৷ 24 জুনলৈকে মহানগৰীত বৃষ্টিপাত অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷

লগতে পঢ়ক: গহপুৰত আকস্মিক বান, ছত্ৰং নৈয়ে উটুৱাই নিলে দলং - ASSAM FLOOD 2024