ETV Bharat / state

গোলাঘাটৰ উদয়ন চাহ বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত

author img

By

Published : Nov 19, 2019, 2:58 PM IST

হাতী মানুহৰ সংঘাত অব্যাহত ৷ গোলাঘাটৰ উদয়ন চাহ বাগিচাত মুক্ত বিচৰণ এজাক বৃহৎ বনৰীয়া হাতীৰ জাকৰ ৷

গোলাঘাটৰ উদয়ন চাহ বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত

গোলাঘাট,19 নৱেম্বৰঃ গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ গোলাঘাটৰ উদয়ন চাহ বাগিচাত মুক্ত বিচৰণ এজাক বৃহৎ বনৰীয়া হাতীৰ জাকৰ ৷ দিনৰ পোহৰতে চলিছে হাতী মানুহৰ জীৱন-মৰণৰ ভয়াৱহ যুঁজ ৷ মঙলবাৰে নিশাৰ পৰাই পোৱালিসহ বন্য হস্তীৰ জাকে বাগিচাখনত অৱস্থান কৰি আছিল ৷ আতংকিত স্থানীয় ৰাইজে হাতীৰ জাকটোক খেদিবলৈ নিজৰ জীৱনক বিপদত পেলাই চেষ্টা কৰিছিল যদিও সফল হ’ব পৰা নাই ৷ হাতী খেদিবলৈ চেষ্টা কৰা লোকসকল আৰু হাতীৰ মাজত চলিছে গাৰ নোম শিয়ঁৰি উঠা ভয়াৱহ যুঁজ ৷

গোলাঘাটৰ উদয়ন চাহ বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত

আনহাতে চাহ বাগিচাত আশ্ৰয় লৈ থকা হাতীৰ জাকটোৱে সন্ধিয়া হ’লেই মৰঙী পথাৰ,হাবিগাঁও পথাৰত বিঘাই বিঘাই পকা ধান খাই সৃষ্টি কৰিছে ত্ৰাসৰ। ওৰে নিশা উজাগৰে থাকিও গাঁওবাসীয়ে হাতীৰ জাকৰ পৰা ৰক্ষা কৰিব পৰা নাই নিজৰ খেতি ডৰা। এইক্ষেত্ৰত বন বিভাগৰ ভূমিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

আৰু পঢ়কঃ ষ্ট্ৰীট লাইট বন্ধ কৰি জে এন ইউৰ ছাত্ৰৰ ওপৰত আৰক্ষীৰ লাঠিচালনা

Intro:গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত । দিন দুপৰতে বন্য হস্তী আৰু মানুহৰ মাজত শিহৰণকাৰী ভয়াবহ যুজঁ। বৰ্তমান পৰ্যন্ত মুক্ত বিচৰণ এজাক বৃহৎ বন্য হস্তীৰ । আতংকিত গাঁৱবাসী ।
গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ ভয়াবহ যুজঁ । দিন দুপৰতে চলিছে হাতী মানুহৰ জীৱন মৰণৰ ভয়াবহ যুজঁ ।এই দৃশ্য গোলাঘাটৰ উদয়ন চাহ বাগিচাৰ ।যোৱা নিশাৰ পৰাই এটা পোৱালী সহ বৃহৎ বন্যহস্তী জাকে অৱস্থান কৰি আছে বাগিচাখন । আতংকিত হৈ আছে অঞ্চলটোৰ লোকসকল । হাতীৰ জকটোক খেদি পঠাবলৈ লোক সকলে চেষ্টা অব্যাহত ৰাখিছে । কিন্তু বিফল হৈছে লোক সকল কাৰণ যিমানেই খেদিছে মানুহে সিমানেই হাতীৰ জাকে উভতি খেদিছে লোক সকলক । মুঠৰ ওপৰত হাতী খেদিবলৈ চেষ্টা কৰা লোকসকল আৰু হাতী জাকৰ মাজত চলিছে গাৰ নোম শিয়ঁৰি যোৱা ভয়াবহ যুজঁ । অলপ ইফাল সিফাল হলেই সংঘটিত হব ভয়ানক অঘটন । আনহাতে চাহ বাগিচাত আশ্ৰয় লৈ থকা হাতীৰ জাকে সন্ধিয়া হলেই মৰঙী পথাৰ, হাবিগাঁও পথাৰত বিঘাই বিঘাই পকা ধান খাই সৃষ্টি কৰিছে ত্ৰাসৰ ।ওৰে নিশা উজাগৰে থাকিও গাঁৱবাসী সকলে হাতী জাকৰ পৰা ৰক্ষা কৰিব পৰা নাই নিজৰ খেতি ডৰা । ইফালে হাতীৰ বসতি স্থলত উদ্যোগ, কাৰখানা, চাহ বাগিচা স্থাপন অবৈধ বেদখলৰ বাবেই আজি হাতী আৰু মানুহ এনেদৰে গোলাঘাট জিলাত সহাৱস্থান কৰিব লগা হৈছে আৰু সৃষ্টি হৈছে ভয়াবহ সংঘাত ।Body:Byte 1 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.