অসম

assam

ধুবুৰীত অভাৰলোডেড শিলভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য

By

Published : Jun 24, 2022, 7:23 AM IST

violence-of-overloaded-stone-filled-dumpers-in-dhuburi
violence-of-overloaded-stone-filled-dumpers-in-dhuburi ()

ধুবুৰীত অভাৰলোডেড শিলভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য(Overloaded stone filled dumpers in Dhubri)৷ শ্ৰীৰামপুৰৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধুবুৰী-কচুগাঁও ৰোডৰ মাজেৰে নিতৌ বাধাহীনভাৱে চলি আছে অভাৰলোডেড শিল ভৰ্তি ডাম্পাৰ ।

ধুবুৰী, 24 জুন : অভাৰলোডেড শিল ভৰ্তি ডাম্পাৰে ভাবুকি কঢ়িয়াই আনিছে ধুবুৰীবাসীলৈ (Overloaded stone filled dumper) ৷ শ্ৰীৰামপুৰৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধুবুৰী- কচুগাঁও ৰোডৰ মাজেৰে নিতৌ বাধাহীনভাৱে চলি আছে অভাৰলোডেড শিল ভৰ্তি ডাম্পাৰ । কিন্তু এতিয়া সকলো দেখিও যেন নেদেখাৰ ভাও ধৰিছে ধুবুৰী পৰিবহন বিভাগ (Dhubri DTO office) আৰু বন বিভাগে (Forest Department) ।

বুধবাৰে ডাম্পাৰত অত্যাধিক শিল কঢ়িয়াই নিয়াৰ ফলতেই ডি কে ৰোডত এক ভয়ংকৰ অঘটন সংঘটিত হয় ৷ জিলাখনৰ বানীয়ামাৰি অঞ্চলত AS 16 AC 4016 নম্বৰৰ ডাম্পাৰখনত অত্যাধিক শিল ভৰ্তি কৰাৰ ফলত চকাৰ টায়াৰ ফুটি যোৱাত এটি কণমানি শিশু গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় (Child injured in Accident) ৷ দুয়োটা ভৰিত আঘাতপ্ৰাপ্ত হোৱা কণমানি শিশুটিক বৰ্তমান চিকিৎসাধীন কৰা হৈছে ৷

ধুবুৰীত অভাৰলোডেড শিল ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য

এই ঘটনাৰ পিছতে বানীয়ামাৰী ডি কে ৰোডত ধুবুৰী জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু ধুবুৰী জিলা আক্ৰাছুৱে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Protest against overloaded dumper in Dhubri)। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে দীৰ্ঘদিন ধৰি ডাম্পাৰসমূহ এখন চালানেৰে দুবাৰ তিনিবাৰকৈ শিল সৰবৰাহ কৰি আহিছে ৷ এই অসাধু চক্ৰৰ লগত বিভাগীয় কৰ্তৃপক্ষৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ৷ লগতে অত্যাধিক বোজা কঢ়িওৱা ডাম্পাৰসমূহ অনতি পলমে বন্ধ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনদ্বয়ৰ নেতাসকলে ৷

উল্লেখ্য যে এখন ডাম্পাৰৰ বহন ক্ষমতা ২০-২৫ টন। কিন্তু তেনে ডাম্পাৰেৰে ৩৫ ৰ পৰা ৫০ টন লৈকে শিল কঢ়িওৱা হৈছে ৷ এই সমগ্ৰ ঘটনাৰ লগত জিলা পৰিবহন বিভাগ আৰু বন বিভাগৰ ৰহস্যজনক ভূমিকাই ক্ষোভিত কৰি তুলিছে স্থানীয় লোকসকলক ৷

লগতে পঢ়ক :মহানগৰীত নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ সোমাল সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত

ABOUT THE AUTHOR

...view details