অসম

assam

ধুবুৰীত কৰ'ণাৰ বিৰুদ্ধে নৌকা স্বাস্থ্য সেৱাই লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ

By

Published : Apr 23, 2020, 9:16 PM IST

Updated : Apr 24, 2020, 9:37 AM IST

DHUBRI BOAT CLINIC SPECIAL PKG

অত্যন্ত ভিতৰুৱা অঞ্চলসমূহৰ চিকিৎসা ব্যৱস্থাৰ বুজ ল'বলৈ আমাৰ সাংবাদিক গৈ উপস্থিত হৈছিল ধুবুৰীৰ কেইবাখনো প্ৰত্যন্ত অঞ্চলত ৷ খনকৈ নৌকা স্বাস্থ্য সেৱাৰ যন্ত্ৰ চলিত নাৱেৰে ধুবুৰীৰৰ বৃহত্তৰ চৰ চাপৰি আৰু নৈপৰীয়া অঞ্চলসমূহত চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷

ধুবুৰী, 23 এপ্ৰিল: চাৰিওফালে বিশ্বত্ৰাস মহামাৰীৰ সন্ত্ৰাস ৷ বিশ্বজুৰি কম্পিত মানৱ জাতি ৷ আধুনিক চিকিৎসা বিজ্ঞানে হাৰ মানিছে এই ভাইৰাছৰ ওচৰত ৷ উপযুক্ত চিকিৎসা ব্যৱস্থা নোলোৱালৈকে ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত কেৱল সাৱধানতাই হৈ পৰিছে মূল উপায় ৷ কিন্তু, ৰাজ্যৰ চৰ অঞ্চলৰ লোকসকলৰ মাজত কৰ'ণা ভাইৰাছক লৈ কি প্ৰভাৱ পৰিছে । কেনে ধৰণৰ সজাগতা ধুবুৰী জিলাৰ চৰ অঞ্চল সমূহত ? অত্যন্ত ভিতৰুৱা অঞ্চলসমূহৰ চিকিৎসা ব্যৱস্থাৰ বুজ ল'বলৈ আমাৰ সাংবাদিক গৈ উপস্থিত হৈছিল ধুবুৰীৰ কেইবাখনো প্ৰত্যন্ত অঞ্চলত ৷ 2 খনকৈ নৌকা স্বাস্থ্য সেৱাৰ যন্ত্ৰ চলিত নাৱেৰে ধুবুৰীৰৰ বৃহত্তৰ চৰ চাপৰি আৰু নৈপৰীয়া অঞ্চলসমূহত চিকিৎসা সেৱা প্ৰদান কৰি আহিছে প্ৰশাসনে ৷ নাৱতে থকা ভাসমান তথা ভ্ৰাম্যমাণ এই স্বাস্থ্য কেন্দ্ৰটোৱে একমাত্ৰ ভৰষা ৰাইজৰ ৷ আমি গৈ উপস্থিত হৈছিলো চৰ ভাষানী গাঁৱত ৷

ধুবুৰীৰ চ'ৰ অঞ্চলত প্ৰশাসনৰ কৰ'ণাৰ সজাগতা

কৰ'ণাৰ প্ৰভাৱ পৰিছে ঠাইডোখৰতো ৷ ধুবুৰী জিলাৰ মুঠ 533 খন চৰ গাঁওৰ ভিতৰত প্ৰায় চল্লিশ খন চৰাঞ্চলত নাই কোনো স্বাস্থ্য কেন্দ্ৰ বা উপস্বাস্থ্য কেন্দ্ৰ। এই চৰা অঞ্চল কেইটাত মাত্ৰ দুখনকৈ নৌকা স্বাস্থ্য সেৱাই প্ৰদান কৰি আহিছে চিকিৎসা। প্ৰতিখন ইউনিটে প্ৰায় বিশ খনকৈ গাঁও সামৰি লৈ নিয়মীয়াকৈ প্ৰদান কৰি আহিছে স্বাস্থ্য সেৱা । কিন্তু কৰ'ণা ভাইৰাছৰ বাবে বিগত এমাহৰ পৰা বন্ধ হৈ আছে এই সেৱা । কেৱল ইমানেই নহয় দুখনকৈ নৌকা স্বাস্থ্য সেৱাৰ যন্ত্ৰ চলিত নাৱেৰে চলি আছে এটা বৃহত্তৰ অঞ্চল ৷ তাৰ মাজতে চিকিৎসা সেৱা আৰু কৰ'ণাৰ ভয়াৱহতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰো দায়িত্ব পালন কৰিবলগা হৈছে এই দলটোৱে ৷ চৰাঞ্চলত কৰ'ণা ভাইৰাছৰ সজাগতাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও এইয়া পৰ্যাপ্ত নহয় ৷ মাত্ৰ দুখন নৌকা স্বাস্থ্য সেৱাই বৃহত্তৰ অঞ্চলটোত জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিব নোৱাৰে ৷

ধুবুৰীৰ চ'ৰ অঞ্চলত প্ৰশাসনৰ কৰ'ণাৰ সজাগতা

উল্লেখযোগ্য যে, অবিভক্ত ধুবুৰী জিলা খনত মুঠ 533 খন চৰাঞ্চল থকাৰ বিপৰীতে জনসংখ্যা হৈছে মুঠ 5 লাখ 96 হাজাৰ 292 জন। ইয়াৰ বিপৰীতে কেৱল 99 খন স্বাস্থ্য কেন্দ্ৰ আছে এই চৰাঞ্চলত। ইয়াৰে উপ স্বাস্থ্য কেন্দ্ৰ আছে 81 খন, ৰিভাৰেন পি এইচ চি 11 খন, পি এইচ চি 2 খন, মিনি পি এইচ চি 3 খন, ষ্টেট ডিছপেঞ্চাৰী 1 খন আৰু চি এছ চি আছে 1 খন। ইপিনে উল্লেখিত স্বাস্থ্য কেন্দ্ৰ মিলি মুঠ 212 টাকৈ এম বি বি এছ চিকিৎসকৰ পদৰ ভিতৰত 99 টা পদ এতিয়াওঁ খালি হৈ আছে বুলি উল্লেখ কৰে জিলা স্বাস্থ্য আৰু যুটীয়া সঞ্চালক ডাঃ এছ এম ইমদাদ উল্লাই। লগতে বৰ্তমানে কোভিড -19 ৰ আতংকৰ মাজতো চৰাঞ্চলৰ ৰাইজে স্বাস্থ্য সেৱা লাভ কৰিছে বুলি দাবী কৰে যুটীয়া সঞ্চালক গৰাকীয়ে।

লগতে পঢ়কঃ হত্যাৰ অভিযোগত হিন্দু সুৰক্ষা সেনাৰ তিনিজনক গ্ৰেপ্তাৰ

Last Updated :Apr 24, 2020, 9:37 AM IST

ABOUT THE AUTHOR

...view details