অসম

assam

Religious Minorities Council : ধুবুৰীত অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ গঠন

By

Published : Nov 13, 2022, 10:43 PM IST

Religious Minorities Council

কংগ্ৰেছ-এআইইউডিএফৰ পিছত অগপ দলৰ সংখ্যালঘু ভোটৰ ৰাজনীতি । ধুবুৰীত নতুনকৈ ধৰ্মীয় সংখ্যালঘু পৰিষদ গঠন অগপৰ (Religious Minorities Council of AGP)।

ধুবুৰী, 13 নৱেম্বৰ : নিৰ্বাচন আহিলেই সকলো ৰাজনৈতিক দলৰ মনলৈ আহে সংখ্যালঘু ভোটাৰৰ কথা (Minority vote in Assam)। কংগ্ৰেছ এ আই ইউ ডি এফৰ পিছত এইবাৰ সংখ্যালঘু ভোটাৰৰ ৰাজনীতি আৰম্ভ কৰিছে অসম গণ পৰিষদে (Asom Gana Parishad)। সন্মুখত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি শাসক বিৰোধী বিভিন্ন প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ।

সকলোৰে টাৰ্গেট সংখ্যালঘু ভোটাৰ । কংগ্ৰেছে ভাৰত জোড়ো কাৰ্যসূচী (Bharat Jodo Yatra) লোৱাৰ পিছে পিছে এ আই ইউ ডি এফেও বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি ধৰ্মীয় আৱেগৰে আৰম্ভ কৰিছে সংখ্যালঘু ভোটাৰৰ ৰাজনীতি । একেদৰে অসম গণ পৰিষদ দলে নতুনকৈ গঠন কৰিবলৈ ওলাইছে ।

দেওবাৰে অসম গণ পৰিষদ দলৰ ধুবুৰী জিলা ভিত্তিত বিধান পৰিষদৰ সহযোগত আৰু গৌৰীপুৰ বিধান পৰিষদৰ উদ্যোগত অগপ ধৰ্মীয় সংখ্যালঘু পৰিষদ গঠণাৰ্থে এখন সাধাৰণ সভা অনুষ্ঠিত হয় ।

ধুবুৰীত অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ গঠন

অগপ দলৰ ভেটি অধিক শক্তিশালী আৰু আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মজিদুৰ ৰহমানক সভাপতি আৰু আব্দুল মালেক সেখ, আব্দুল বাৰেক সেখক যুটীয়া সাধাৰণ সম্পাদক হিচাবে লৈ এখন ৪৬ জনীয়া এখন ধৰ্মীয় সংখ্যালঘু জিলা পৰিষদৰ তদৰ্থ কমিটি গঠন কৰে অসম গণ পৰিষদে (Religious Minorities Council of AGP)।

উল্লেখ্য যে, আজিৰ সভাত উপস্থিত থাকে অগপ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰশান্ত কুমাৰ বৰুৱা, সাধাৰণ সম্পাদক ভূপেন ৰায়, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দিলীপ কুমাৰ দত্ত, কেন্দ্ৰীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সম্পাদক তফিকুল ইছলাম, গৌৰীপুৰ বিধান পৰিষদৰ সভাপতি অশোক ৰায় প্ৰধানী, ধুবুৰী বিধান পৰিষদৰ সভাপতি দিলীপ সৰকাৰ আৰু সম্পাদক ছানোৱাৰ হুছেইনকে ধৰি শতাধিক অগপ নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক :Gujarat Politics : 10 বছৰত 60 গৰাকী কংগ্ৰেছী নেতাই দলত্যাগ কৰিলে গুজৰাটত

ABOUT THE AUTHOR

...view details