অসম

assam

সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম অৰুণাচল সীমান্ত পৰিদৰ্শন বিশেষ দলৰ

By

Published : Aug 30, 2022, 5:53 PM IST

অসম আৰু অৰুণাচল সীমান্তৰ সংঘাত সৃষ্টি হোৱা ঠাই সমূহ পৰিদৰ্শন কৰি আজি দুয়োখন ৰাজ্যৰ প্ৰশাসনে সীমান্তৱৰ্তী গাঁৱৰ ৰাইজৰ লগত আলোচনাত মিলিত হয় (Assam Arunachal border dispute) । আলোচনাত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী গাঁৱৰ ৰাইজ তথা স্থানীয় দল সংগঠনৰ মাজত আলোচনা কৰি সঠিক সীমা নিৰ্দ্ধাৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ।

Assam Arunachal border dispute
Assam Arunachal border dispute

জোনাই, ৩০ আগষ্ট : অসম-অৰুণাচলৰ মাজত বিভিন্ন ঠাইত ভূমিৰ সীমা সংঘাতক লৈ বিবাদ সৃষ্টি হৈ থকাৰ মাজতে (Assam Arunachal border dispute) আজি জোনাইৰ অসম-অৰুণাচল সীমান্তৰ কিছু ঠাই পৰিদৰ্শন কৰে দুয়োখন ৰাজ্যৰ প্ৰশাসনে‌ । বিশেষকৈ অসম আৰু অৰুণাচল সীমান্তৰ অয়ান জামপানী আৰু ঈশ্বৰ পথাৰত‌ কিছু দিন আগৰ পৰা সীমাক লৈ সৰু-সুৰা সংঘাত সৃষ্টি হৈ থকা পৰিলক্ষিত হৈ আহিছে (Border dispute news)।

সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম অৰুণাচল সীমান্ত পৰিদৰ্শন বিশেষ দলৰ

এই সংঘাত সৃষ্টি হোৱা ঠাই সমূহ পৰিদৰ্শন কৰি আজি দুয়োখন ৰাজ্যৰ প্ৰশাসনে সীমান্তৱৰ্তী গাঁৱৰ ৰাইজৰ লগত আলোচনাত মিলিত হয় । আলোচনাত দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী গাঁৱৰ ৰাইজ তথা স্থানীয় দল সংগঠনৰ মাজত আলোচনা কৰি সঠিক সীমা নিৰ্দ্ধাৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় । এই পৰিদৰ্শন সময়ত উপস্থিত থাকে জোনাইৰ বিধায়ক ভূৱন‌ পেগু, ধেমাজি জিলাৰ উপায়ুক্ত, জোনাই ৰাজহ চক্ৰ বিষয়া তথা অৰুণাচল প্ৰদেশৰ পাচিঘাট পশ্চিম সমষ্টিৰ বিধায়ক নিনং এৰিং, পূৱ চিয়াং জিলাৰ উপায়ুক্ত লগতে দুয়োখন ৰাজ্যৰ বহু চৰকাৰী কৰ্মচাৰী বিষয়া ।

উল্লেখ্য যে, তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি লখিমপুৰ আৰু ধেমাজিলৈকে অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত দীৰ্ঘদিন ধৰি সীমাক ললৈ অসমীয়া আৰু অৰুণাচলীৰ সংঘাত চলি আহিছে ৷

এই সংঘাত দূৰ কৰাৰ উদ্দেশ্যে ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ মাজত পৃথক পৰ্যায়ত বৈঠকো অনুষ্ঠিত হৈছে ৷ যোৱা 15 জুলাইত নামচাইত অনুষ্ঠিত হয় অসম আৰু অৰুণাচলৰ মাজত মুখ্যমন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক ৷ ইয়াৰ পূৰ্বে গুৱাহাটীত মুখ্যমন্ত্রী পৰ্যায়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল (CM level meeting between Assam and Arunachal) ।

নামচাইৰ বৈঠকত দুয়োখন ৰাজ্যৰ মাজত বিবাদিত অঞ্চল হিচাপে বিবেচিত গাঁৱৰ সংখ্যা পূৰ্বৰ ১২৩ খনৰ পৰা ৮৬খনলৈ সীমাবদ্ধ কৰাৰ পাৰস্পৰিক বুজাবুজিত উপনীত হোৱা হয় (Disputed villages in Assam Arunachal border)। লগতে ২০২২ চনৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত বাকী থকা ৮৬খন গাঁৱৰ ভিতৰত সৰ্বাধিক সংখ্যক গাঁৱৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam Arunachal border dispute) ।

এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে ঘোষণাপত্ৰত স্বাক্ষৰ কৰে । এই ঘোষণাপত্ৰই দুয়োখন ৰাজ্যৰে বন্ধুত্ব আৰু ভাতৃত্ববোধৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে ।

ইয়াৰ পাচতো মন্ত্ৰী পৰ্যায়তো কেইবালানিও বৈঠক অনুুষ্ঠিত হৈছে দুয়োখন ৰাজ্যৰ চৰকাৰৰ নামত ৷ ইতিমধ্যে দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতি গঠন কৰা হৈছে । এই সমিতি কেইখনে যুটীয়াভাৱে সংশ্লিষ্ট বিবদমান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিব (Disputed areas of Assam Arunachal border)। ৩১ আগষ্টৰ ভিতৰত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি কেইখনে সংশ্লিষ্ট বিবাদমান এলেকা পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব ।

ইয়াৰ পাচতে সেই প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰ‍াজ্যৰ মুখ্যমন্ত্ৰী আলোচনাত মিলিত হ’ব আৰু বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব । বৰ্তমান অসম আৰু অৰুণাচলৰ মাজত ৮৬ খন গাঁৱক লৈ বিবাদ আছে । ৮৬ খন গাঁৱৰ ৰাইজৰ মতামত গ্ৰহণ কৰাৰ লগতে ভৌগোলিক দিশো পৰ্যবেক্ষণ কৰা হ’ব । যুটীয়া পৰিদৰ্শনৰ অন্তত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিতে সিদ্ধান্ত গ্ৰহণ কৰিব দুই ৰাজ্যই ৷ এই কথা অৱগত কৰিছে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়ক:Assam Arunachal Pradesh border issues : অসম-অৰুণাচল সীমা বিবাদ: ১৫ ছেপ্তেম্বৰৰ পাচত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক

ABOUT THE AUTHOR

...view details