অসম

assam

জীৱন যুঁজৰ কৰুণ গাঁথা: সাত বছৰে দুৰ্বিসহ জীৱন কটাইছে জোনাইৰ এটা পৰিয়ালে

By

Published : Sep 23, 2022, 2:19 PM IST

Updated : Sep 23, 2022, 2:25 PM IST

Man suffering from unknown disease in Jonai

জোনাইৰ এটা পৰিয়ালৰ কৰুণ জীৱন গাঁঠা । সাত বছৰে জোনাইৰ চমকংৰ চৰাইবাৰীৰ তুলানাথ দলে অচিন ৰোগত আক্ৰান্ত হৈ কটাইছে পংগুত্ব জীৱন(Man suffering from unknown disease in Jonai) । দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিছে তুলানাথৰ পত্নীয়ে ।

জোনাই,২৩ ছেপ্টেম্বৰ:জীৱনে কেতিয়া ৰঙ সলাই সেয়া মাথো অদৃষ্টৰ লিখনিয়েহে জানে । আপোনাৰ মোৰ দৰেই সাধাৰণভাৱেই জীৱন যাপন কৰা এটি পৰিয়াললৈ নামি আহিল হঠাৎ অমানিশা । জোনাইৰ চমকংৰ চৰাইবাৰীৰ এটা পৰিয়ালৰ বৰ্তমানৰ অৱস্থা দেখিলে চকু সেমেকিব আপোনাৰো । সাত বছৰে দুৰ্বিসহ জীৱন কটাইছে পৰিয়ালটোৱে ।

মানুজনৰ নাম তুলাৰাম দলে । এটি সৰু পজা ঘৰতে পত্নী তথা দুই সন্তানসহ সংসাৰখন সুখ-দুখৰ মাজেৰে চলিছিল তুলনাথৰ পৰিয়াল। কিন্তু এদিন হঠাৎ তুলনাথৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা । সুদীৰ্ঘ সাত বছৰ ধৰি এডাল লাখুটীকে আশ্ৰয় হিচাপে লৈ জীয়াই থাকিবলৈ বাধ্য হ'ল তুলনাথ । এক অচিন ৰোগত পৰি অচল হৈ পৰে দুই ভৰি(Man suffering from unknown disease in Jonai) ।

অসমৰ বিভিন্ন প্ৰান্তত চিকিৎসা কৰিও সুফল নাপালে তুলনাথে । অৱশ্যে আৰ্থিক অনাটনৰ ফলত উন্নত চিকিৎসা ব্যৱস্থা কৰিব নোৱাৰিলে তুলানাথে । ফলত সুদীৰ্ঘ সাত বছৰে এডাল লাখুটিকে আশ্ৰয় হিচাপে লৈ তুলনাথে কটাইছে এক যন্ত্ৰণাময় জীৱন । উপায়হীন পত্নীয়ে দিন হাজিৰা কৰি যোৱা সাত বছৰে কোনোমতে পোহ-পাল দি আহিছে পৰিয়ালটিক ।

জীৱন যুঁজৰ কৰুণ ছবি: সাত বছৰে দুৰ্বিসহ জীৱন কটাইছে জোনাইৰ এটা পৰিয়ালে

জানিব পৰামতে পৰিয়ালটোৱে উন্নত চিকিৎসাৰ ভাৱে চৰকাৰ তথা বিভিন্ন জন-প্ৰতিনিধিক কেইবাবাৰো আবেদন নিবেদন কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে পৰিয়াটোৱে । আনকি আজি পৰ্য্যন্ত দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰৰ পৰা কোনোধৰণৰ সা-সুবিধা নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে । সেয়ে দুৰ্ভগীয়া পৰিয়ালটোৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা সমাজৰ হৃদয়বান লোকৰ পৰা তুলনাথৰ উন্নত চিকিৎসাৰ বাবে বিছাৰিছে কিছু আৰ্থিক সাহাৰ্য্য(Jonai poor family seeks help) ।

লগতে পঢ়ক:তিনিচুকীয়াত জেহাদীৰ সন্দেহত এটা দম্পতীক আটক

Last Updated :Sep 23, 2022, 2:25 PM IST

ABOUT THE AUTHOR

...view details