অসম

assam

শংকৰদেৱ সংঘৰ জোনাই অধিবেশনৰ প্ৰস্তুতি তুংগত

By

Published : Sep 26, 2022, 8:44 PM IST

লক্ষ লক্ষ ভকতক আদৰিবলৈ কঁকালত টঙালি বান্ধিছে জোনাইৰ ভকতে (Sankardev Sangha jonai session) । নিলখৰ বালিজানৰ গাই নৈ চাপৰিত আগন্তুক শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিবেশনৰ প্ৰতিনিধি শিবিৰ সাজিবলৈ তিনিশ ভকতে কাটিলে মাদুৰীপাত ।

jonai
jonai

জোনাই, ২৬ ছেপ্টেম্বৰ : উত্তৰ-পূব ভাৰতৰ বৃহত্তম ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিবেশন ২০২৩ চনত জোনাইত অনুষ্ঠিত হ'ব (92nd Sankardev Sangha jonai session) । শংকৰ সংঘৰ জোনাই জিলা শাখাৰ আতিথ্যত গুৰুজনাৰ একান্ত জনজাতীয় ভক্ত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত জিলা শাখাৰ মাজভাগত অৱস্থিত চিমেন চাপৰিৰ চেৰেণ পথাৰত ২০২৩ বৰ্ষৰ ১০, ১১ অৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।

ইতিমধ্যে জোনাই জিলা অধিবেশনলৈ আগমন ঘটিবলগা অগনন ভকতক আদৰিবলৈ এখন বিস্তৃত আকাৰৰ আদৰণী সমিতি গঠন কৰা হৈছে । আনহাতে, বিভিন্ন বিভাগৰ কাম-কাজৰ বাবে ৩৫ খন উপ-সমিতি গঠন কৰি যোৱা মে' মহৰ পৰাই প্ৰাৰম্ভিক কাম-কাজ চলাই অহা পৰিলক্ষিত হৈছে । ইপিনে অধিবেশনৰ দিন চমু চাপি অহাৰ লগে লগে জিলাখনৰ ভকতসকলৰ লগতে শুভাকাংক্ষীসকলেও উৎসাহেৰে লক্ষ লক্ষ ভকতক আদৰিবলৈ কঁকালত টঙালি বান্ধিছে (preparation to sankardev sangha jonai session)।

আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ চিচি শিৰোমণি আঞ্চলিক শাখাৰ নেতৃত্বত অধিবেশনৰ প্ৰতিনিধি শিবিৰ নিৰ্মাণৰ বাবে নিলখৰ বালিজানৰ গাই নৈৰ চাপৰিত ৩০০ জন ভকতে মাধুৰিপাত কাটি অধিবেশনৰ প্ৰতিনিধি সেৱাবাহিনীৰ শিবিৰ নিৰ্মাণ আৰু পৰিচালনাৰ উপ-সমিতিৰ কামৰ শুভাৰম্ভ কৰে (Sankardev Sangha jonai session 2023) ।

শংকৰদেৱ সংঘৰ জোনাই অধিবেশনৰ প্ৰস্তুতি তুংগত

গুৰুজনাৰ ঘোষাৰে আৰু আয়তীৰ উৰুলিৰে মাদুৰীপাত কটাৰ কাম আৰম্ভ কৰা ভকতৰ সেৱাত নেতৃত্ব বহন কৰে আঞ্চলিক শাখাৰ সভাপতি-সম্পাদক, আইমাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী-সম্পাদিকা আদিয়ে । 'শংকৰ গুৰু আমাৰে' মাধৱ গুৰুচৰিত নাম গাই এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি কৰে । প্ৰায় ৪০ ট্ৰেক্টৰ মাদুৰীপাত মজুত কৰি সকলোৱে গাই নৈ চাপৰিত এক প্ৰীতিভোজন গ্ৰহণ কৰে ।

আনহাতে, ৯২ সংখ্যক বাৰ্ষিক অধিবেশনৰ আদৰণী সমিতিৰ হৈ ভকতক উৎসাহ দিবৰ বাবে উপস্থিত থাকে প্ৰতিনিধি সেৱাবাহিনীৰ শিবিৰ নিৰ্মাণ আৰু পৰিচালনা উপ-সমিতিৰ সভাপতি দ্বীপেন গগৈ, সম্পাদক বিনন্দৰ গোঁহাই, আঞ্চলিক শাখাৰ সভাপতি বিতুল গগৈ, সম্পাদক দন্দ্ব হাজৰিকা আৰু আইমাতৃ কল্যাণ শাখাৰ সভানেত্ৰী লক্ষীমাই বৰদলৈ ।

লগতে পঢ়ক :Mising film le ne miksi: ধেমাজিত মিচিং ছবি লে:নৗ মিকচিৰ প্ৰথম প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details