Mising film le ne miksi: ধেমাজিত মিচিং ছবি লে:নৗ মিকচিৰ প্ৰথম প্ৰদৰ্শন

author img

By

Published : Sep 26, 2022, 3:33 PM IST

mising film le ne miksi

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক্ক্ষণত দেওবাৰে ধেমাজি জিলাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰথম প্ৰদশৰ্ন কৰা হয় মিচিং জনগোষ্ঠীয় ছবি লে:নৗ মিকচি (mising film le ne miksi) ৷ ছবিখনৰ শিৰোনামৰ অৰ্থ হৈছে বিষাদৰ চকুলো ৷ প্ৰেক্ষাগৃহৰ পৰা ছবি চাই মুখত এমোকোৰা হাঁহি লৈ ওলাই আহিল দৰ্শক-

চিটাৰা ডেস্ক, 26 ছেপ্টেম্বৰ : R.K Production দ্বাৰা নিবেদিত মিচিং জনগোষ্ঠীয় ছবি লে:নৗ মিকচিৰ প্ৰথম প্ৰদৰ্শন কৰা হয় ধেমাজি জিলাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত (mising film le ne miksi) ৷ ছবিখনৰ কাহিনী ,চিত্ৰনাট্য আৰু পৰিচালনা ৰাজকুমাৰ পেগুৰ ৷ এক্সন নিৰ্দেশক হিচাপে কাম কৰিছে বলীউডৰ জনপ্ৰিয় সমাৰকলাবিদ বিনোদ কুম্বাঙে (mising film first premier in dhemaji) ৷ প্ৰয়োজনাত আছে অনিল টাযুং,বানেশ্বৰ পাংগিং আৰু কিৰন দলে ৷

বিষাদৰ চকুলো ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজকুমাৰ পেগু আৰু মন্দিৰা মিচঙে ৷ ছবিখনত নিৰ্মাতাই সমাহাৰ ঘটাইছে দক্ষিণৰ কাৰিকৰী কৌশলৰ ৷ জনগোষ্ঠীয় গ্ৰামাঞ্চলত অবাধ গতিত প্ৰচলিত নিচাজাতীয় সামগ্ৰীৰ পৰা বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা আদিৰ পটভূমিৰ ওপৰত নিৰ্মিত ছবিখনৰ জৰিয়তে জনগোষ্ঠীৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ এক প্ৰয়াস এইয়া ৷ নিৰ্মাতাসকলে খোদ জানিবলৈ দিছে এই কথা ৷ ইতিমধ্যে মিচিং জনগোষ্ঠীৰ ছটা জাতীয় সংগঠনে আলোচনাত মিলিত হৈ প্ৰথম বাৰৰ বাবে মিচিং ছবিৰ চেন্সৰ ব’ৰ্ডো গঠন কৰিছে । এতিয়াৰে পৰা মিচিং জনগোষ্ঠীৰ ছবি উদ্যোগটো এই ব’ৰ্ডে গুৰি ধৰি আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰিছে সংগঠনৰ সদস্যই ৷

ধেমাজিত মিচিং ছবি লে:নৗ মিকচিৰ প্ৰথম প্ৰদৰ্শন

আনহাতে বলীউডৰ জনপ্ৰিয় এক্সন নিৰ্দেশক বিনোদ কুম্বাঙে দক্ষিণৰ কিছু কাৰিকৰী কলা সমাহাৰ ঘটাই মনোৰঞ্জন দিবলৈ প্ৰয়াস কৰিছে আৰু দৰ্শকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে তেওঁ । অনাগত দিনত চিনমা গাঁৱলৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰিছে তেওঁ । ছবিখন চাই আমোদ পোৱা বুলি জনালে কেইবাগৰাকী দৰ্শকে ৷

মন কৰিবলগীয়া যে সাম্প্ৰতিক সময়ত অসমত ছবি নিৰ্মাণ আৰু চিনেমা গৃহবোৰ বন্ধ হৈ যোৱা দুৰ্দিনৰ সময়ত মিচিং সমাজৰ বিনোদনধৰ্মী এই ছবিখনে আনিছে আশাৰ বতৰা ৷ পূজাৰ বতৰত ছবিখনে জনগোষ্ঠী ৰাইজৰ মাজত বিপুলভাৱে সমাদৃত হব বুলি ছবিৰ কলা কৌশলী সকলে আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Ram Setu poster, অক্ষয় কুমাৰৰ নতুন ছবি ৰাম সেতুৰ টিজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.