অসম

assam

একেৰাহে ১ ঘণ্টা ৩ মিনিট শীৰ্ষাসন কৰি অভিলেখ গঢ়িলে নিপুল দত্তই

By

Published : Sep 14, 2022, 1:49 PM IST

অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত ধেমাজিৰ নিপুল দত্তৰ নাম (Nipul Dutta of Dhemeji in Assam Book of Records) ৷ ধেমাজিৰ নগাখেলীয়া বাসগৃহত আনন্দৰ বন্যা ।

Dhemaji
Dhemaji

ধেমাজি, ১৪ ছেপ্টেম্বৰ :ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে নিপুল দত্তই । অসম বুক অৱ ৰেকৰ্ডছত এইবাৰ সন্নিৱিষ্ট হৈছে ধেমাজিৰ নিপুল দত্তৰ নাম (Nipul Dutta of Dhemaji in Assam Book of Records) । ধেমাজি জিলাৰ নগাখেলীয়া গাঁৱৰ বাসিন্দা বুবুল দত্ত আৰু মৌচুমী দিহিঙীয়া দত্তৰ একমাত্ৰ পুত্ৰ নিপুল দত্তই একেৰাহে ১ ঘণ্টা ৩ মিনিট সময় শীৰ্ষাসনত থাকি অভিলেখ সৃষ্টি কৰে (Nipul Dutta of Dhemaji created record) ।

লগে লগে অসম বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় । যুৱকগৰাকীৰ এই কৃতিত্বৰ পিছতে এতিয়া আনন্দৰ বন্যা বৈছে নিপুলৰ বাসগৃহ ধেমাজিৰ নগাখেলীয়াত ৷ আনহাতে, পুত্ৰৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ ।

একেৰাহে ১ ঘণ্টা ৩ মিনিট শীৰ্ষাসন কৰি অভিলেখ গঢ়িলে নিপুল দত্তই

আনহাতে, নিপুলৰ এই কৃতিত্বত পিতৃ-মাতৃক শুভেচ্ছা জনাবৰ বাবে বাসগৃহত উপস্থিত হৈছে পৰিয়ালৰ আত্মীয়, শুভাকাংক্ষী তথা ওচৰ-চুবুৰীয়া ৷ উল্লেখ্য যে, সৰুৰে পৰা ব্যায়াম কৰি ভালপোৱা নিপুল দত্ত নাট্য জগতৰ লগতে সংবাদ জগতৰ লগতো জড়িত ৷

তেওঁৰ এই কৃতিত্বৰ পিছত সংবাদ মাধ্যমক জনোৱা মতে, তেওঁৰ পৰৱৰ্তী লক্ষ্য হ'ব ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (India Book of Records) আৰু এছিয়া আৰু ইণ্টাৰনেচনেল বুক অৱ ৰেকৰ্ডছত (International Book of Records) নিজৰ নাম অন্তভুৰ্ক্ত কৰা ৷ ইয়াৰ বাবে কঠোৰ অনুশীলনেৰে প্ৰস্তুতি চলাব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :মাজুলী-যোৰহাট সংযোগী দলঙক পুতলা দলং আখ্যা লুৰিণ জ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details