অসম

assam

চিলাপথাৰ বালিগাঁৱত সোপাধৰা সন্দেহত নিৰ্বিচাৰ মাৰধৰ, সংকটজনক অৱস্থা এজনৰ

By

Published : Sep 1, 2022, 3:49 PM IST

Updated : Sep 1, 2022, 4:13 PM IST

ৰঙাপৰাৰ পৰা চিলাপথাৰৰ অতি ভিতৰুৱা অঞ্চল কদমতলা গাঁৱৰ শহুৰেকৰ ঘৰলৈ অহা পৰেশ মণ্ডলে বুধবাৰে সন্ধিয়া ৬.৩০ মান বজাত ঘৰলৈ উভতি যাবলৈ চিলাপথাৰ ৰে'ল ষ্টেচনলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত চিলাপথাৰ বালিগাঁৱত ৰাইজে ঘেৰি ধৰি নিৰ্বিচাৰে মাৰধৰ কৰিবলৈ লয় (mob lynching case in Silapathar Dhemaji)।

Dhemaji
Dhemaji

জোনাই, ১ ছেপ্টেম্বৰ :ৰাজ্যত বৰ্তমান সৃষ্টি হৈছে এক অন্য এক ধৰণৰ আতংক (tense situation in Assam) । সেয়া হৈছে সোপাধৰাৰ আতংক (kidnapping tense situation in Assam) । বিশেষকৈ উজনি অসমত এই আতংকই এতিয়া ৰাইজৰ মাজত এক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে । যাৰ ফলত অচিনাকি ব্যক্তি দেখিলেই ৰাইজে সোপাধৰাৰ সন্দেহত শাৰীৰিক আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিবলৈ লৈছে ।

আনকি তেনে গণ প্ৰহাৰত আক্ৰান্ত লোকৰ মৃত্য পৰ্যন্ত ঘটিছে (mob lynching case in Assam) । সাম্প্ৰতিক সময়ত মানুহৰ মাজত শিপাই উঠা এই সোপাধৰা মানসিকতাই পুনৰ এবাৰ মনত পেলাই দিছে ২০১৮ চনৰ অসমৰ ইতিহাসৰ সেই মৰ্মান্তিক ঘটনাৰ কথা । হয়, ২০১৮ চনতে সোপাধৰাৰ সন্দেহত কাৰ্বি আংলঙত অতি নিৰ্মমভাৱে আৰু মানৱতাৰ সকলো সংজ্ঞা বিসৰ্জন দি হত্যা কৰা হৈছিল অভিজিত নাথ আৰু নিলোৎপল দাস নামৰ দুগৰাকী এতি সম্ভাৱনাময় যুৱ প্ৰতিভাক (Abhi Nil murder case) ।

চিলাপথাৰ বালিগাঁৱত সোপাধৰা সন্দেহত নিৰ্বিচাৰ মাৰধৰ

নিশ্চিতভাৱে অভি-নীলৰ হত্যাকাণ্ড অসমৰ মানৱীয় প্ৰমূল্যবোধৰ বাবে এক ক'লা অধ্যায় । তাৰ পিছত সাধাৰণ ৰাইজ এই দিশত কিছু সচেতন হোৱা পৰিলক্ষিত হ'লেও মৰেল পুলিচিঙৰ ঘটনা কিন্তু ৰাজ্যত একেবাৰে নোহোৱা হোৱা নাছিল । ছেগা-চোৰোকাকৈ এই ঘটনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে আছিল । এইবাৰ উক্ত প্ৰৱণতাই পুনৰ গা কৰি উঠিছে (Karbi Anglong mob lynching case) ।

কিন্তু আজিৰ এই একবিংশ শতিকাত এনেধৰণৰ একপ্ৰকাৰ অন্ধবিশ্বাস বা সামন্তযুগীয় মানসিকতাই হয়তো বিবেকবান সকলোকে এবাৰ হ'লেও ভাবিবলৈ বাধ্য কৰাব । কিন্তু এইখিনিতে এটা প্ৰশ্নও উত্থাপন হয়, এয়া বাৰু মানুহৰ মনস্তাত্ত্বিক দিশৰ কোনোবাখিনিত হোৱা অৱক্ষয়ৰ বহিঃপ্ৰকাশ নেকি ? নে আমি আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতত ভাৰাক্ৰান্ত হৈ ভাল-বেয়া বা ভুল-শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছোঁ ?

এক প্ৰকাৰ মানসিক অস্থিৰতাৰ বাবেই আমি উচিত সিদ্ধান্ত লোৱাৰ সামৰ্থ্য হেৰুৱাই এনে নাৰকীয় ঘটনা সংঘটিত কৰাৰ বাবে উচটনি লাভ কৰিছোঁ নেকি ? নিশ্চিতভাৱে এই বিষয়টো সন্দৰ্ভত গভীৰভাৱে অধ্যয়নৰ প্ৰয়োজন আছে । নহ'লে বিগত কেইদিনত সংঘটিত হৈ অহা সোপাধৰাৰ নামত চলা মৰেল পুলিচিঙে সাধাৰণ লোকৰ মুক্ত বিচৰণ এক প্ৰকাৰ অসম্ভৱ কৰি তুলিব । যাৰ উদাহৰণ শেহতীয়াভাৱে সংঘটিত চিলাপথাৰৰ কাণ্ড ।

উল্লেখ্য, ধেমাজি জিলাৰ জোনাই মহকুমাৰ লাইমেকুৰীত বুধবাৰে কাৰ্বি আংলঙৰ অভি-নীলৰ হত্যাকাণ্ডৰ দৰে সংঘটিত হয় এক ঘৃণনীয় কাণ্ড (mob lynching case in Jonai Dhemaji) । সোপাধৰাৰ সন্দেহত উত্তেজিত ৰাইজে মৰিয়াই মৰিয়াই এজনৰ প্ৰাণ লোৱাৰ সময়তে চিলাপথাৰৰ বালিগাঁৱৰ ভৈৰৱপুৰত সোপাধৰাৰ সন্দেহত সংঘটিত হৈছে আন এক জঘন্য ঘটনা । সোপাধৰাৰ সন্দেহতে সংঘটিত হয় এই ঘৃণনীয় কাণ্ড ।

উল্লেখযোগ্য যে ৰঙাপৰাৰ পৰা চিলাপথাৰৰ অতি ভিতৰুৱা অঞ্চল কদমতলা গাঁৱৰ শহুৰেকৰ ঘৰলৈ অহা পৰেশ মণ্ডলে বুধবাৰে সন্ধিয়া ৬.৩০ মান বজাত ঘৰলৈ উভতি যাবলৈ চিলাপথাৰ ৰে'ল ষ্টেচনলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত চিলাপথাৰ বালিগাঁৱত ৰাইজে ঘেৰি ধৰি নিৰ্বিচাৰে মাৰধৰ কৰিবলৈ লয় (mob lynching case in Silapathar Dhemaji)। সকলো প্ৰামাণিক নথি-পত্ৰ দেখুওৱাৰ পাছতো কেইবাদিনো ধৰি সোপাধৰাৰ উৰাবাতৰিত আতংকিত হৈ থকা ৰাইজে কাণসাৰ নিদি পৰেশ মণ্ডলক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে । ৰাইজৰ মাজৰে দুই-এজনে আৰক্ষীক খবৰ দিয়াৰ পাছত চিলাপথাৰ আৰক্ষীয়ে ব্যক্তিজনক লৈ যায় ।

সংকটজনক অৱস্থাত থকা পৰেশ মণ্ডলক আৰক্ষীয়ে চিকিৎসা কৰোৱাই থানাত আবদ্ধ কৰি ৰাখে (man attack accused as kidnapper) । আনহাতে, স্থানীয় ৰাইজে ব্যক্তিজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে । স্মৰণীয় যে কেইবাদিনো ধৰি অঞ্চলটোত সোপাধৰাৰ উৰাবাতৰি বিয়পি আছে আৰু বুধবাৰেও বালিগাঁৱৰ এঘৰত সন্ধিয়া এজন সোপাধৰা সোমোৱা বুলি ওলোৱা ভুৱা বাতৰিত ৰাইজ উত্তেজিত হৈ পৰিছিল ।

লগতে পঢ়ক :গণ প্ৰহাৰত নিহত গোলাপ বৰুৱাৰ পৰিয়ালৰ লোক জোনাইত উপস্থিত

Last Updated :Sep 1, 2022, 4:13 PM IST

ABOUT THE AUTHOR

...view details