অসম

assam

Japanese Encephalitis; ধেমাজিত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুজনৰ মৃত্যু

By

Published : Jul 15, 2022, 12:07 PM IST

2 dead due to Japanese Encephalitis in Dhemaji
2 dead due to Japanese Encephalitis in Dhemaji

ধেমাজিত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ (Japanese encephalitis and Dengue menace at Dhemaji) ৷ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ধেমাজিত দুগৰাকীৰ মৃত্যু (2 dead in Dhemaji ) ৷

ধেমাজি, 15 জুলাই: ৰাজ্যত এতিয়া ক’ভিডৰ পিছতে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক (Japanese encephalitis and Dengue menace in Assam) । চৰকাৰী তথ্য মতে, ৰাজ্যত এতিয়া ক’ভিডতকৈ জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ ৰোগী আৰু মৃতকৰ সংখ্যা ।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে ধেমাজি জিলাত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে(Japanese encephalitis and Dengue menace at Dhemaji) ৷ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত জিলাখনত দুগৰাকী লোকৰ মৃত্যু হয় (2 dead in Dhemaji ) ৷ মৃত দুগৰাকীৰ এগৰাকী জোনাইৰ আৰু আনগৰাকী চিচিবৰগাঁৱৰ লোক বুলি জানিব পৰা গৈছে ৷

ধেমাজিত জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈ দুজনৰ মৃত্যু

জিলাখনত উদ্বেগজনকভাৱে এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাত ধেমাজি জিলা স্বাস্থ্য বিভাগে সজাগতা আৰু সৰ্তকতা অৱলম্বন কৰিছে বুলি জনায় ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পি এন দেউৰীয়ে ৷ এইবছৰ চলিত মাহৰ 13 জুলাইলৈকে ধেমাজি জিলাখনত মুঠ 11 গৰাকী লোক জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু সদৃশ ৰোগত আক্ৰান্ত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি জোনাই স্বাস্থ্যখণ্ডত 2 জন, চিচিবৰগাঁৱত 3 জন, ধেমাজি স্বাস্থ্য খণ্ডত 5 জন আৰু গোগামুখত 1 জন ৰোগী আক্ৰান্ত হৈছে ৷

জানিব পৰামতে, মৃত দুয়োগৰকাৰীয়ে যোৱা 15 দিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ হৈছিল যদিও চাৰিদিন ধৰি দুয়োকে ঘৰত ৰখাৰ পিছতহে হাস্পতালত ভৰ্তি কৰিছিল ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে এই ৰোগত আক্ৰান্ত অঞ্চলসমূহত এই ৰোগ সন্দৰ্ভত সজাগতা সভাকে ধৰি ম'হ নিধনৰ বাবে সন্ধিয়া ধোঁৱা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক :Japanese Encephalitis: মৰাণত দুগৰাকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details