Japanese Encephalitis: মৰাণত দুগৰাকীৰ মৃত্যু

By

Published : Jul 14, 2022, 10:37 PM IST

thumbnail

চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সংগমস্থল বৃহত্তৰ মৰাণ অঞ্চলত ক্ৰমে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগীৰ সংখ্যা(Japanese encephalitis on the rise in Moran) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাৰিষা বানৰ কৱলৰ পৰা কিছু মুৰ দাঙি উঠা সময়ত ৰাজ্যৰ বিভিন্ন জিলাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত আতংকৰ সৃষ্টি হৈছে । বৃহত্তৰ অঞ্চলটোত ইতিমধ্যে এগৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুমুখত পৰাৰ লগতে এটি শিশু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাত আতংকিত হৈ পৰিছে জনসাধাৰণ । লগতে মৰাণৰ দাঁতিকাষৰ অঞ্চলত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ ওপৰত লক্ষ্য কৰি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সজাগতা সভা, ধোঁৱা প্ৰদান, ঔষধযুক্ত আঁঠুৱাৰ ব্যৱহাৰ, ক্ষেত্ৰভিত্তিক পৰ্যৱেক্ষণ আদি প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনায় ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.