অসম

assam

দৰঙত আকাংক্ষিত প্ৰকল্প পৰ্যালোচনাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৃষ্ণ পাল গুৰজাৰ

By

Published : Sep 27, 2022, 8:49 PM IST

Updated : Sep 27, 2022, 10:22 PM IST

ু

দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৃষ্ণ পাল গুৰজাৰৰ (Union Minister of State Krishna Pal Gurjar) জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা । তেওঁ জিলাখনৰ পৰা কাজিনেমু, মাকৈ, ইণ্ডিয়ান বিন, জলকীয়া বিভিন্ন বিদেশলৈ ৰপ্তানি হোৱাৰ বাবে প্ৰশংসা কৰি খেতিয়কসকলক ৰপ্তানিৰ ক্ষেত্ৰত আৰু অধিক মনোনিবেশ কৰিবলৈ আহবান জনায় ।

মঙলদৈ, ২৭ ছেপ্টেম্বৰ: অসমৰ ৭ খন আকাংক্ষিত জিলাৰ ভিতৰত দৰং জিলাও অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰা হয় । সেই উদ্দেশ্যে মঙলবাৰে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত (Review of Aspirational District Project at Darrang) হোৱা বৈঠকত শক্তি আৰু গধুৰ উদ্যোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৃষ্ণ পাল গুৰজাৰে দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে |

উক্ত বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৃষ্ণ পাল গুৰজাৰে (Union Minister Krishna Pal Gurjar at Darrang) আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা বিভিন্ন বিভাগৰ উন্নয়নমূলক কাৰ্যসমূহৰ পৰ্যালোচনা কৰি কামৰ অগ্ৰগতিৰ বুজ লয় । তেওঁ কৃষিখণ্ডত গুৰুত্ব আৰোপ কৰি বিষয়াসকলক ফচল বীমা যোজনা আঁচনিৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আহবান জনায় । মন্ত্ৰীগৰাকীয়ে তথ্য প্ৰযুক্তিৰ যুগত গাঁও পঞ্চায়তসমূহতো ইন্টাৰনেট সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ক্ষিপ্ৰ উন্নয়নৰ বাবে গাঁও পঞ্চায়তৰ সদস্যসকলক অধিক সক্ৰিয় হৈ কাম কৰি যাবলৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গুৰজাৰে কয় । তেওঁ প্ৰধানমন্ত্ৰীৰ মাক্ৰু বন্দনা যোজনা (Pradhan Mantri Makru Vandana Yojana), পোষণ অভিযানৰ বিষয়েও পৰ্যালোচনা কৰে । জিলাখনত বাল্য বিবাহ ৰোধৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব দিবলৈ সংশ্লিষ্ট সকলোকে আহবান জনায় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সকলো গৃহতে বিজুলী সংযোগ হৈছে নে তাৰো খতিয়ান লয় । তেওঁ আকাংক্ষিত জিলাৰ প্ৰকল্পৰ অধীনত দৰং জিলাই লাভ কৰা উন্নয়নৰ অগ্ৰগতিৰ প্ৰশংসা কৰে ।

উক্ত সভাখনত ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত থাকে ।

উল্লেখ্য় যে, ইয়াৰ পিছতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটৰ সদস্য আৰু কেইবাগৰাকী খেতিয়কৰ সৈতে মত-বিনিময় কৰে । জিলাখনৰ পৰা কাজিনেমু, মাকৈ, ইণ্ডিয়ান বিন, জলকীয়া বিভিন্ন বিদেশলৈ ৰপ্তানি হোৱাৰ বাবে প্ৰশংসা কৰি খেতিয়কসকলক ৰপ্তানিৰ ক্ষেত্ৰত আৰু অধিক মনোনিবেশ কৰিবলৈ আহবান জনায় । তেওঁৰ দৰং জিলা ভ্ৰমণ কালত দৰং কৰ্কট চিকিৎসালয় আৰু টাংনি চাহ বাগিচা আদৰ্শ বিদ্যালয়ো পৰিদৰ্শন কৰে ।

লগতে পঢ়ক:সংকটত ক্ষুদ্ৰ চাহ খেতিয়ক : পুনৰ নিম্নগামী কেঁচা চাহপাতৰ মূল্য

Last Updated :Sep 27, 2022, 10:22 PM IST

ABOUT THE AUTHOR

...view details