অসম

assam

দলং নিৰ্মাণৰ সিদ্ধান্তক লৈ উৎফুল্লিত দলগাওঁবাসী

By

Published : Mar 13, 2020, 1:44 PM IST

government announced morigaon koupati connected bridge over brahmaputra
বৰলুইতৰ ওপৰত চাৰিখনকৈ নতুন দলং

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটত বৰলুইতৰ ওপৰত চাৰিখনকৈ নতুন দলং নিৰ্মাণৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে ৷ পূৰণ হোৱাৰ পথত দৰংবাসীৰ বহুদিনীয়া সপোন ৷ উৎফুল্লিত দৰং-মৰিগাঁৱৰ বৃহৎ চৰাঞ্চলৰ লগতে দৰংবাসী ৷

দলগাঁও , 13 মাৰ্চঃ ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিগাঁও -কৌপাটি সংযোগী দলং নিৰ্মাণ কৰিবলৈ অসম বিধানসভাত গ্ৰহণ কৰা প্ৰস্তাৱক আদৰণি জনাইছে দলগাঁও বাসীয়ে ৷ 6 মাৰ্চত বিধানসভাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটত কেইবাটাও অভিলাসী আচঁনি ঘোষণা কৰি চৰকাৰে সৃষ্টি কৰিছিল চমকৰ ৷ উক্ত বাজেটতেই কৌপাটি আৰু মৰিগাঁও সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত উৎফুল্লিত হৈ পৰে দৰং-মৰিগাঁৱৰ বৃহৎ চৰাঞ্চলৰ লগতে দৰংবাসী ৰাইজ ৷

বৰলুইতৰ ওপৰত চাৰিখনকৈ নতুন দলং

উল্লেখযোগ্য যে , বিত্ত মন্ত্ৰীৰ বাজেট ভাষণত বৰলুইতৰ ওপৰত চাৰিখনকৈ নতুন দলং নিৰ্মাণৰ কথা ঘোষণা কৰা হয় ৷ ধুবুৰী-ফুলবাৰী দলং ,গহপুৰ-নুমলীগড় দলং,কমলাবাৰী-নিমাতিঘাত দলং আৰু মৰিগাঁও-কৌপাতি, এই চাৰিখন দলং নতুনকৈ নিৰ্মাণ কৰিবলৈ ছাৰ্ভে কৰি চলিত বিত্তীয় বর্ষতে প্ৰাথমিক কামকাজ আৰম্ভ কৰাৰ বাবদ 2020-21 বৰ্ষৰ বাজেটত 848 কোটি টকা ধাৰ্য কৰে অসম চৰকাৰে । যদি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখন নিৰ্মাণ কৰা হয় তেন্তে মৰিগাঁও-নগাওঁ-দৰঙৰ মাজত যাতায়ত ব্যৱস্থা সুচল হোৱাৰ লগতে পথৰ দূৰত্ব বহুখিনি কমিব । প্ৰস্তাৱিত দলং খনে জিলা দুখনৰ শিক্ষা , চিকিৎসা, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ উন্নতি সাধন কৰাৰ লগতে দৰং -মৰিগাঁৱৰ বৃহত্তৰ চৰাঞ্চলৰ কৃষকৰ উন্নয়নৰ ক্ষেত্ৰত ব্যাপক প্ৰভাব পেলাব বুলি আশা প্ৰকাশ কৰে অঞ্চলবাসীয়ে ৷ দৰঙৰ কৃষক সকলে উৎপাদন কৰা কৃষি সামগ্ৰীৰ বাবে উপযুক্ত বজাৰ পাবলৈ সক্ষম হোৱাৰ লগতে মহাবহু ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে প্ৰতিবছৰে হোৱা ভয়ংকৰ গৰা- খহনীয়াৰ পৰা ৰাইজে পৰিত্ৰাণ পাব বুলিও মন্তব্য কৰিছে দৰংবাসীয়ে ৷

লগতে পঢ়কঃ হোজাইত ৫ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা

ABOUT THE AUTHOR

...view details