অসম

assam

মঙলদৈত সাংসদ দিলীপ শইকীয়াৰ খাদ্য সামগ্ৰী বিতৰণ

By

Published : Jun 9, 2021, 7:26 PM IST

ক'ভিড মহামাৰী প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰা আংশিক লকডাউনত জুৰুলা হৈছে সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাৰ সৰ্বসাধাৰণ ৰাইজ ৷ দৰিদ্ৰ লোক সকলৰ লগতে জিলা খনৰ শতাধিক শিল্পী, কলা-কুশলীক বুধবাৰে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰে সাংসদ দিলীপ শইকীয়াই ৷

Distribution of food grains of MP Dilip Saikia in Mangaldai
মঙলদৈত সাংসদ দিলীপ শইকীয়াৰ খাদ্য সামগ্ৰী বিতৰণ

দৰং,9 জুন: মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ সহযোগত মঙলদৈৰ FINER ৰ উদ্যোগত বুধবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক ব্যক্তিক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

এফালে ক'ভিড মহামাৰীৰ আতংক আৰু আনফালে চৰকাৰে জাৰি কৰা আংশিক লকডাউনে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ লকডাউনত জুুৰুলা হোৱা জিলাখনৰ দৰিদ্ৰ লোক সকলৰ লগতে দৰঙী কলা-কৃষ্টিৰ শিল্পী সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে শতাধিক লোকক আজি সাংসদ দিলীপ শইকীয়াই মঙলদৈস্থিত নিজা বাসগৃহত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে । খাদ্য সামগ্ৰী বিতৰণ কৰা লোক সকলৰ মাজত শুকনানি ওজাপালি, দেওধনী নৃত্যৰ শিল্পীকে ধৰি নাপিত সকলকো খাদ্য সামগ্ৰী বিতৰণ কৰে সাংসদ গৰাকীয়ে ।

তাৰোপৰি, মঙলদৈৰ কস্তুৰী শিশু গৃহতো আজি FINER নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ সদস্য সকলে সাহায্য প্ৰদান কৰে । উক্ত খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে FINER ৰ সঞ্চালক তথা উদ্যোগপতি অনুপম ডেকা, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক পৰমা ৰাজবংশীকে ধৰি বহু কেইগৰাকী দলীয় সদস্য ।

লগতে পঢ়ক-যোৰাবাটত বিদ্যুৎ সংমণ্ডলৰ কামৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই

ABOUT THE AUTHOR

...view details