অসম

assam

মঙলদৈত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

By

Published : Jan 25, 2021, 9:25 PM IST

মঙলদৈৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সোমবাৰে একাদশ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱসটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। উক্ত সভা খনত কেইবাজনো নৱ ভোটাৰক ভোটাৰ কাৰ্ড প্ৰদান কৰা হয় ৷

voters day Celebrations At Darrang_
মঙলদৈত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

দৰং,25 জানুৱাৰী:আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ সমগ্ৰ দেশৰ লগতে দৰং জিলাৰ মঙলদৈৰ জিলা পুথিভঁৰালত প্ৰেক্ষাগৃহটো সোমবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় একাদশ সংখ্যক ভোটাৰ দিৱস ৷

এই ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত উপস্থিত থাকে জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা ৷ উপায়ুক্ত দিলীপ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই সভা খনতে নিৰ্বাচন আয়োগৰ আধুনিক পদ্ধতি ইলেক্ট্ৰনিক ইলেকট্ৰৰ্চ ফটো আইডেনটিটি কাৰ্ড (ই-এপিক) পদ্ধতি মুকলি কৰা হয় ।

মঙলদৈত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

ইফালে সভাখনৰ আদৰণি ভাষণ আগবঢ়ায় নিৰ্বাচনী বিষয়া হেমাশ্ৰী খনিকৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বুধিন হাজৰিকাই নৱ ভোটাৰসকলক উৎসাহিত কৰাৰ লগতে ৰাইজে গুণসম্পন্ন চৰকাৰ গঠন কৰিব পাৰিলেহে সুস্থ সবল দেশ এখন গঢ় দিব পাৰিব বুলি মন্তব্য কৰে। তেওঁ ভোটাৰসকলক কোনো কাৰণতে যাতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত নাথাকে তাৰ বাবে আহ্বান জনায় ।
আনহাতে, এই অনুষ্ঠানতে ১৫ গৰাকী নৱ-ভোটাৰক ভোটাৰ কাৰ্ড প্ৰদান কৰে ৷ ইফালে যোৱা ৬ ডিচেম্বৰত SVEEP ৰ উদ্যোগত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত লোকসকলক পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও অংশগ্ৰহণকাৰী প্ৰত্যেকজনকে ন-ভোটাৰকে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । এই অনুষ্ঠানতে উপস্থিত নৱ-ভোটাৰ সকলক শপত বাক্য পাঠ কৰোৱাই অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই।

লগতে পঢ়ক-ভাৰত-চীনৰ নৱমলানি আলোচনাৰ মাজতেই সীমান্তত পুনৰ সংঘাত

ABOUT THE AUTHOR

...view details