অসম

assam

Press Conference of TMC in Chirang: কোকৰাঝাৰ সমষ্টিত টিএমচি শক্তিশালী বুলি দাবী ৰিপুন বৰাৰ

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 9:26 PM IST

Assam Trinamool Congress press conference
অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

কোকৰাঝাৰ লোকসভা সমষ্টিত ইণ্ডিয়া মিত্ৰজোঁটৰ তৃণমূল কংগ্ৰেছ অধিক শক্তিশালী বুলিও দাবী । তৃণমূল কংগ্ৰেছে লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোটৰ পৰা ৫খন আসন বিচাৰিব বুলি মন্তব্য় অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ।

অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল

চিৰাং, ১১ নৱেম্বৰঃচিৰাং জিলাৰ সদৰ কাজলগাঁৱত চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত "লীডাৰশ্বিপ ট্ৰেইনিং কাম ছেমিনাৰ" অনুষ্ঠিত হয় । দিনজোৰা কাৰ্যসূচীৰে কাজলগাঁওস্থিত দুৱাৰ অতিথিশালাত অনুষ্ঠিত এই সভাত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা উপস্থিত থাকে । তেওঁ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে দলটোৱে এইদৰে দলীয় নেতৃত্বক প্ৰস্তুত হ'ব পৰাকৈ প্ৰশিক্ষণ দিয়া বুলি কয় । এই অনুষ্ঠানত ৰিপুন বৰাৰ লগতে জিলাখনৰ দায়িত্বত থকা ঘনকান্ত চুতীয়া,বিটিআৰ সমন্বয়ক লাইফুং নাৰ্জাৰী, চিৰাং জিলা সভাপতি অনিৰ্বান সেনসহ বহু কেইজন নেতা উপস্থিত থাকে ।

উক্ত অনুষ্ঠানৰ পিচতে ৰিপুন বৰাই এক সংবাদমেলত কয় যে তৃণমূল কংগ্ৰেছে লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোটৰ পৰা ৫খন আসন বিচাৰিব । কোকৰাঝাৰ লোকসভা সমষ্টিত ইণ্ডিয়া মিত্ৰজোঁটৰ তৃণমূল কংগ্ৰেছ অধিক শক্তিশালী বুলিও দাবী কৰে ৰিপুন বৰাই । তেওঁ লগতে কয় যে বিজেপিয়ে বড়ো সকলৰ মাজত দুটা ফৈদ ক্ৰমে বিপিএফ আৰু ইউপিপিএলৰ সৃষ্টি কৰি সংঘাত লগাই তাৰ আমেজ লৈছে । ইপিনে, তেওঁৰ সহযোগী দিলীপ শৰ্মাই ব্যাক্তিগত অসুবিধাৰ বাবে পদত্যাগ কৰি বিজেপিলৈ যোৱা বুলি মন্তব্য় কৰে । ৰিপুন বৰাই পুনৰ কয় যে হয়তো তেওঁ তৃণমূল কংগ্ৰেছত নিজৰ ভৱিষ্যৎ বিচাৰি পোৱা নাছিল । সেইবাবে নিজৰ সুবিধা আৰু ভৱিষ্যতৰ সুৰক্ষা বিচাৰি বিজেপিলৈ গৈছে ৷

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পুনৰ কয়," বিজেপিক মই ঘৃনা কৰো । কোনোবাই নিজৰ যি মন আছে ক'ব পাৰে । মই ইচ্ছা কৰিলে কেতিয়াবাই বিজেপিত যোগদান কৰিব পাৰিলোহেতেন, কিন্ত নাই কৰা । মই দেশৰ বাবে যুদ্ধ কৰিম বুলিয়ে তৃণমুলত যোগদান কৰি কাম কৰিছো ।" তেওঁ বিজেপি তথা মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীৰ দাম ১৫ লাখ কোটি টকা বুলি মুখ্যমন্ত্ৰীয়ে কোৱাত সেয়া ৰাজ্যবাসীৰ বাবে অতিকৈ লজ্জাজনক ।

আজমলে মুখ্যমন্ত্ৰীক কিনিব পাৰিব বুলি উল্লেখ কৰা প্ৰসংগত তেওঁ কয়,"মুখ্যমন্ত্ৰীৰ স্থিতি সঁচাকৈ লজ্জাজনক ।" তেওঁ লগতে কয় যে এ আই ইউ ডি এফ আৰু বি পি এফ সন্দৰ্ভত কবলগীয়া বিশেষ নাই । কিয়নো বিজেপি অহাৰ পিচতে স্পষ্ট হৈছে এ আই ইউ ডি এফ বিজেপিৰ বি টিম । গতিকে মুছলমান ৰাইজেও এ আই ইউ ডি এফ দলক ভোট নিদিয়ে । আজমলৰ জৰা পানীৰ সময় উকলিল বুলিও কয় ৰিপুন বৰাই । ৰিপুন বৰাই লগতে কয়,"আমি সম্পুৰ্ণ ৰূপে প্ৰস্তুত হৈছো । লোকসভা নিৰ্বাচনৰ বাবে যাতে আমাৰ কোনো ভোট নষ্ট নহয় তাৰ বাবে আৰু অধিক ভোট লাভৰ কৌশল হিচাবে আমি কাম কৰি গৈছো ।"

লগতে পঢ়ক:CM Himanta Tweet : কংগ্ৰেছ দলক পুনৰ মহম্মদ আলী জিন্নাৰ মুছলিম লীগৰ লগত তুলনা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details