অসম

assam

Assam Police encounter: আৰক্ষীৰ এনকাউণ্টাৰত আহত সন্দেহযুক্ত আলফা(স্বাঃ)ৰ সদস্য

By

Published : Jul 30, 2023, 2:51 PM IST

ৰাজ্যত আকৌ আৰক্ষীৰ গুলীচালনা ৷ এইবাৰ আৰক্ষীৰ গুলীত চৰাইদেউ জিলাৰ সোণাৰিত গুৰুতৰভাৱে আহত হৈছে ছালফা সদস্য যোগেন গগৈ ৷

Assam Police encounter in Charaidew
ৰাজ্যত আকৌ আৰক্ষীৰ গুলীচালনা

ডিব্ৰুগড়, 30 জুলাই : শেহতীয়াকৈ উজনিত সদস্য ভৰ্তিৰ লগতে ব্যাপক ধন সংগ্ৰহত ব্যস্ত হৈ পৰিছে আলফা স্বাধীন । ৰাজ্য চৰকাৰৰ কঠোৰ সকীয়নিৰ পাচতো ৰাজ্যত পুনৰ আলফা স্বাধীনে আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ । ইয়াৰ মাজতে শনিবাৰে চৰাইদেউ জিলাৰ সোণাৰিত আৰক্ষীৰ জালত পৰিল আলফা স্বাধীনৰ এগৰাকী সন্দেহযুক্ত সদস্য । চৰাইদেউ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত আটক কৰা হৈছে সন্দেহজনক আলফা স্বাধীনৰ সদস্য যোগেন গগৈক ।

জিলাখনৰ বৰহাট ডফলাৰ পৰা যোগেন গগৈক সেনা-আৰক্ষীয়ে আটক কৰিছিল । কিন্তু শনিবাৰে সেনা আৰক্ষীয়ে আটক কৰা ছালফা সদস্য যোগেন গগৈলৈ গুলী চলালে আৰক্ষীয়ে । আৰক্ষীৰ বন্দুকৰ গুলীত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় ছালফা সদস্য যোগেন গগৈ ।

জানিব পৰা অনুসৰি, সোঁ ভৰিত গুলী লাগে যোগেন গগৈৰ । ঘটনাৰ পাচতে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আহত ছালফা সদস্যগৰাকীক ।

কি কাৰণে ছালফা সদস্যজনক আজি অৰ্থাৎ দেওবাৰে এনকাউণ্টাৰ কৰিব লগা হ’ল সেই কথা আৰক্ষীয়ে এই মুহূৰ্তলৈকে সাংবাদিকক জানিবলৈ দিয়া নাই । আৰক্ষীৰ বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, আটকাধীন লোকজনে আলফা স্বাধীনৰ পৰা আত্মসমৰ্পণ কৰা পাচতো লিংকমেন হিচাপে জড়িত আছিল সংগঠনটোৰ লগত । শেহতীয়াকৈ উজনি অসমৰ বিভিন্ন প্ৰান্তত ধন দাবী তথা সংগ্ৰহতো জড়িত আছিল ধৃত যোগেন গগৈ ।

লগতে পঢ়ক :Extortion in Upper Assam: অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ আলফা স্বাধীনৰ শেষ সকীয়নি

ইফালে 23 জুলাইৰ দিনা আলফা(স্বাঃ)ৰ তৰফৰ পৰা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ৰাজহুৱা ভাবুকি দিছিল যে, হয় স্থানীয় লোকৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰ কৰা বন্ধ কৰক নহয় ৰাজ্য ত্যাগ কৰিব লাগিব । তাৰ পাচতে ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে আলফা(স্বাঃ)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ডিব্ৰুগড়ৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে ।

পৰৱৰ্তী পৰ্যায়ত এক প্ৰেছ বিবৃতিযোগে সংযুক্ত মুক্তিবাহিনী অসম চমুকৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে কয়, ‘‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নামত ধন সংগ্ৰহ কৰাৰ বুলি আজি ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ লাইপুলিৰ পুষ্পাঞ্জলী গগৈ নামৰ এগৰাকী মহিলাক ৩ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰা বাতৰি সম্প্ৰচাৰ হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে ।

অসমৰ জনগণৰ লগতে অসম আৰক্ষীক আমি জনাওঁ যে উক্ত মহিলাগৰাকীৰ সৈতে আমাৰ সংগঠনৰ কোনো সম্পর্ক নাই । গতিকে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নামত থলগিৰি ৰাইজৰ ওপৰত নিৰ্যাতন বন্ধ কৰক ৷’’

লগতে পঢ়ক :ULFA(I) Linkman arrested in Sonari:সোণাৰিত আৰক্ষীৰ জালত পৰিল আলফা স্বাধীনৰ লিংকমেন

ABOUT THE AUTHOR

...view details