অসম

assam

স্বাস্থ্য কেন্দ্ৰৰ মহিলা চাফাই কৰ্মীক ধৰ্ষণৰ চেষ্টা কৰি বিপদত কৰ্মচাৰী

By

Published : Sep 23, 2021, 8:55 PM IST

molestation-case-in-health-center-in-moran

মৰাণৰ চেপন চকলীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহিলা চাফাই কৰ্মীক কেন্দ্ৰটোৰ এগৰাকী কৰ্মচাৰীয়ে ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগে উত্তাল কৰিছে অঞ্চলটো ৷ বিষয়টো সন্দৰ্ভত স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্তৃপক্ষই নিৰৱতা অৱলম্বন কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ৷

মৰাণ, 23 ছেপ্টেম্বৰ :ডিব্ৰুগড় জিলাৰ মৰাণৰ চেপন চকলীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহিলা চাফাই কৰ্মীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে আজি অঞ্চলটোৰ একাংশ মহিলা ওলাই আহি ভুক্তভোগী মহিলাগৰাকীক ন্যায় প্ৰদানৰ বাবে সৰৱ হৈ পৰে । অভিযোগ মতে, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত চকীদাৰ লক্ষীৰাম ওৰাঙে শনিবাৰে পুৱা চাফাই কৰ্মী মহিলা কৰ্মচাৰী গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ লগতে ধৰ্ষণৰ চেষ্টা চলায় ।

পুৱা নিজ কৰ্তব্যত যোগদান কৰি ব্যস্ত থকাৰ সময়তে অভিযুক্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি পিছ ফালৰ পৰা মহিলাগৰাকীক সাৱটি ধৰি উৎপীড়ন চলোৱাৰ লগতে ধৰ্ষণ কৰিবলৈ উদ্যত হয় ৷ অৱশ্যে, মহিলা গৰাকীয়ে লোকজনৰ এই প্ৰচেষ্টাৰ পৰা নিজক ৰক্ষা কৰি পলাই সাৰি যাবলৈ সক্ষম হয় ৷

লজ্জা নিবাৰণৰ বাবে শনিবাৰে ঘটনাটো ৰাজহুৱা নকৰি দেওবাৰেহে মহিলাগৰাকীয়ে স্বামীক অৱগত কৰিছিল । ইয়াৰ পাছতে স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক আৰু পৰিচালনা সমিতিয়ে উক্ত ঘটনা গাপ দিবলৈ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা, তেওঁৰ স্বামী আৰু স্থানীয় মহিলাই ।

ইফালে, চকীদাৰ লক্ষীৰাম ওৰাঙে বৃহস্পতিবাৰে নিজ মুখে তেওঁৰ কু-কাৰ্য স্বীকাৰ কৰে । চিকিৎসালয়ৰ পৰিচালনা সমিতি আৰু চিকিৎসকে উক্ত ঘটনা বুজাবুজি কৰিবলৈ এক আলোচনাত মিলিত হয় কিন্তু পৰিয়ালৰ লোক আৰু ৰাইজে ধৰ্ষণৰ চেষ্টা কৰা লক্ষীৰাম ওৰাঙক উচিত শাস্তিৰ দাবী জনায় আৰু আজি পৰিয়ালৰ লোকে মৰাণ থানাত গোচৰ দাখিল কৰিছে । আৰক্ষীয়ে কেনেদৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে সেইয়া হে লক্ষনীয় হ'ব ।

লগতে পঢ়ক :বিটিআৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰুদ্ধদ্বাৰ বৈঠক

ABOUT THE AUTHOR

...view details