ETV Bharat / state

বিহালীত অবৈধ ফলা কাঠসহ টাটা মেজিক জব্দ - Illegal wood seized

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 7:03 PM IST

Tata Magic seized with illegal wood in Bihali
বিহালীত অবৈধ ফলা কাঠসহ টাটা মেজিক জব্দ

Illegal wood seized: শোণিতপুৰ বন সংমণ্ডলৰ সাফল্য । শোণিতপুৰ বন সংমণ্ডলে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ ফলা কাঠসহ এখন টাটা মেজিক গাড়ী । লগতে জব্দ কৰে অবৈধ ভাৱে শিল কঢ়িওৱা এখন ডাম্পাৰ ।

বিহালীত অবৈধ ফলা কাঠসহ টাটা মেজিক জব্দ

বিশ্বনাথ,১ মে': বুধবাৰে পূৱ শোণিতপুৰ বন সংমণ্ডলৰ অধীনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হেলেমৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ ফলা কাঠসহ এখন টাটা মেজিক গাড়ী জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ । বিশ্বনাথ চাৰিআলি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া বিশ্বজিৎ দাসৰ কঠোৰ নিৰ্দেশত, বৰগাঙৰ বনাঞ্চলিক বিষয়া সহযোগত বনকৰ্মী গুপী ছেত্ৰীৰ নেতৃত্বত এটি বনকৰ্মীৰ দলে বুধবাৰে পুৱা ১০ মান বজাত গহপুৰ সমষ্টিৰ গমিৰি দিশৰ পৰা অহা এখন অবৈধ কাঠ কঢ়িওৱা টাটা মেজিক গাড়ী জব্দ কৰা লগতে অবৈধভাৱে শিল কঢ়িওৱা এখন ডাম্পাৰো জব্দ কৰে ।

বন বিভাগৰ সূত্ৰ অনুসৰি, AS 07 BC 7450 নম্বৰৰ ডাম্পাৰখনে দীৰ্ঘদিন ধৰি হেলেম মিছামাৰিৰ এটা শিল ভঙা ক্ৰেচাৰৰ পৰা দীৰ্ঘদিন ধৰি চালান অবিহনে ভঙা শিল কঢ়িয়াই থকাৰ তথ্য লাভ কৰিছিল পূৱ শোণিতপুৰ বন বিভাগে । ইফালে সেই তথ্যৰ ভিত্তিত বুধবাৰে পূৱ শোণিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া বিশ্বজিৎ দাসৰ নিৰ্দেশত বৰগাং বনাঞ্চলিক বিষয়া আৰু বনকৰ্মী গুপী চেত্ৰীৰ নেতৃত্বত যোৱা এটা বন কৰ্মী দলে শিল কঢ়িওৱা ডাম্পাৰখন জব্দ কৰি বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে ।

আনহাতে, একে সময়তে গহপুৰ সমষ্টিৰ গমিৰিৰ পৰা হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে AS 32 C 3372 নম্বৰৰ টাটা মেজিক গাড়ীখনে কাঠ কঢ়িয়াই নি থকা দেখা পাই বন বিভাগৰ দলটোৱে নথি-পত্ৰ পৰীক্ষা কৰাত কাঠসমূহ অবৈধ বুলি জানিব পাৰি কাঠসহ গাড়ীখন জব্দ কৰে ।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি জিলাখনৰ চতিয়া, গহপুৰ, বৰগাং, বুৰৈ আদিত চলি থকা অবৈধ শিল-বালিৰ লগতে অবৈধ কাঠৰ বেপাৰীৰ বিৰুদ্ধে পূৱ শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া বিশ্বজিৎ দাসে অব্যাহত ৰাখিছে কঠোৰ অভিযান ।

লগতে পঢ়ক: ডুমডুমাত কাঠৰ কুন্দাভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.