বিটিআৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰুদ্ধদ্বাৰ বৈঠক

author img

By

Published : Sep 23, 2021, 2:20 PM IST

high level meeting in chirang

আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি, বিটিআৰ(BTR)ৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত চিৰাঙত উচ্চ পৰ্যায়ৰ বৈঠক । কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগ(PWD Department)ৰ কাৰ্যালয়ত সংঘটিত হোৱা ঘটনাৰ বাবে ধমকি দিয়া হৈছে বাথাক ৷ বৈঠকত আৰু কি কি বিষয়ত আলোচনা কৰা হৈছে, জানিবলৈ সবিশেষ পঢ়ক...

চিৰাং, 23 ছেপ্তেম্বৰ : চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধানাগাৰৰ মানস অতিথিশালাত বুধবাৰে অনুষ্ঠিত হয় এক উচ্চ পৰ্যায়ৰ বৈঠক ৷ বিটিআৰ(BTR)ৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো(Pramod Boro), NDFB ৰ চাৰিওটা গোট, NLFB, ABSU, BPFৰ নেতৃত্ব আৰু অসম আৰক্ষী(Assam Police)ৰ তিনিগৰাকী শীৰ্ষ বিষয়াৰ মাজত অনুষ্ঠিত হয় এই ৰুদ্ধদ্বাৰ বৈঠকখন ৷

উক্ত বৈঠকত উপস্থিত থাকে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক জি পি সিং(GP Singh), বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেণ নাথ(Hiren Nath), অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান ড৹ এল আৰ বিষ্ণৈ(L R Bishnoi) আৰু অধুনালুপ্ত NDFB ৰ চাৰিওটা গোটৰ নেতাসকলৰ উপৰিও অন্যান্য দল-সংগঠনৰ নেতৃত্ব ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ নিৰ্দেশত অনুষ্ঠিত এই বৈঠকত উল্টাপানীৰ এনকাউন্টাৰ সন্দৰ্ভত চৰকাৰৰ দ্বাৰা ঘোষিত তদন্ত সন্দৰ্ভত আলোচনা কৰা হয় । কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগ(PWD Department)ৰ কাৰ্যালয়ত বাথাৰ নেতৃত্বত এটা দলে যি ভাংচুৰ কৰি আইন-শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, তাৰ বাবে বাথাক ধমকি প্ৰদান কৰা হয় । ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়, সেই সন্দৰ্ভতো সকীয়নি প্ৰদান কৰে আৰক্ষীৰ শীৰ্ষ নেতৃত্বই ।

বৈঠকৰ অন্তত বিটিআৰৰমুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে উল্টাপানীৰ এনকাউন্টাৰৰ তদন্ত ঘোষণা কৰিছে ৷ তদন্তৰ অন্তত যদি সেয়া ভুৱা এনকাউন্টাৰ বুলি প্ৰমাণিত হয়, তেন্তে দোষীয়ে নিশ্চয়কৈ শাস্তি পাব । এই ঘটনাত যদি কোনোবাই ভুল কৰিছে, তেনেহ’লে তাক ক্ষমা কৰি দিয়াৰ কোনো কথা নাহে বুলি অসম আৰক্ষীৰ পৰা স্পষ্ট কৰি দিয়া হৈছে ।

প্ৰমোদ বড়োৰ ভাষ্য

লগতে তেওঁ কয়, ‘‘এতিয়া যিসকলে ন ন কৰি অস্ত্ৰ হাতত লৈ উগ্ৰপন্থী সংগঠন খুলি আছে, তেওঁলোকক সমৰ্থন কৰিব নোৱাৰি । কাৰণ বিগত 30-40 বছৰ ধৰি এনেকুৱা এটা পৰিৱেশৰ কাৰণে আমি যিমান পাইছো তাতকৈ বেছি আমি হেৰুৱাইছো । যাৰ কাৰণে তেনেকুৱা এক ৰক্তাক্ত পৰিৱেশ আমি কেতিয়াও নিবিচাৰো’’ ।

সকলোকে শান্তিৰ পথলৈ ওভতি অহাৰ আহ্বান জনাইছে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । লগতে সকলোকে বিটিআৰ অঞ্চলৰ শান্তি আৰু উন্নয়নৰ বাবে একেলগে কাম কৰাৰ আহ্বান জনায় । আনহাতে, এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰী আৰু এনডিএফবিৰ অন্য সদস্যসকলৰ মুক্তি সন্দৰ্ভত তেওঁ কয়, ‘‘তেওঁৰ মুক্তিৰ বিষয়টো ন্যায় পালিকাৰ বিষয় । তেওঁলোক যিহেতু আদালতৰ দ্বাৰা শাস্তিপ্ৰাপ্ত আচামী, তথাপিও আইনৰ কৌশল অৱলম্বন তেওঁলোকৰ শাস্তিৰ পৰিমাণ কম কৰিবলৈ আমি চেষ্টা চলাই আছো । নতুনকৈ যিসকল যুৱকে ইউবিএল(ULB) নামৰ সংগঠন খুলি অস্ত্ৰ হাতত তুলি লৈছে, তেওঁলোকক আলোচনাৰ বাবে ওলাই আহিবলৈ আহ্বান জনাইছো’’ ৷

ভাল সমাজত থাকিলে ভালকৈ থাকিব লাগিব ৷ শান্তি প্ৰক্ৰিয়াত আহিছে ভালকৈ চলিব লাগিব ৷ বৰ্তমান সময়ত দেখা গৈছে যে, বড়ো যুৱচামে অস্ত্ৰ সংগ্ৰামৰ প্ৰতি সামাজিক মাধ্যমত মুকলিকৈ সমৰ্থন কৰি উচটনি দিয়ে ৷ যিটো সমাজৰ কাৰণে ভাল লক্ষণ নহয় বুলি সংবাদ মাধ্যমযোগে এই মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

খাম্পা বৰগয়াৰীৰ ভাষ্য

উক্ত সভাত অংশগ্ৰহণ কৰা বিপিএফৰ প্ৰতিনিধি হিচাপে খাম্পা বৰগয়াৰী, অঞ্জলি দৈমাৰী, ধীৰেণ বড়োৱে বিটিচি(BTC)ত সদায় শান্তি বিচৰাৰ কথা উল্লেখ কৰে । বড়ো(Bodo) জনগোষ্ঠাৰ বাবে এতিয়া কোনো উগ্ৰপন্থী সংগঠনৰ প্ৰয়োজন নাই বুলি কয় খাম্পা বৰগয়াৰীয়ে । তেওঁ কয়, ‘‘বিটিচিৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আমি আৰক্ষী বিষয়াসকলক অৱগত কৰিছো । বিটিচিত এনে কোনো লোক নাই যিয়ে উগ্ৰপন্থী(Militant) সংগঠন চলাব পাৰে । গতিকে শান্তিৰ বাবে ইউএলবি নেতাসকলক মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছো’’ ৷

জি পি সিঙৰ ভাষ্য

বৈঠকৰ অন্তত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙে জনায় যে, বৈঠকত বিটিআৰৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত আলোচনা হৈছে ৷ কালি বাথাৰ নেতৃত্বত কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত সংঘটিত হোৱা ঘটনাৰ বাবে বাথাক ধমকি দিয়া হৈছে । আগলৈ এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে বাথাক কোনোপধ্যেই ক্ষমা কৰা নহ’ব ।

এম বাথাৰ ভাষ্য

ইয়াৰোপৰি, কোকৰাঝাৰ এনকাউণ্টাৰ সন্দৰ্ভত তেওঁ কয় যে, অসম চৰকাৰে ঘোষণা কৰাৰ দৰেই তদন্ত চলিব আৰু শীঘ্ৰেই ৰাইজৰ মনৰ পৰা সন্দেহ আঁতৰিব । ইউএলবিত যোগদান কৰা 25 জনক ইতিমধ্যে চিনাক্ত কৰি অভিযান আৰম্ভ কৰা হৈছে । তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলি সিঙে জানিবলৈ দিয়ে ৷ ইফালে সভাৰ পৰা ওলাই আহি এনএলএফবি নেতা এম বাথাই কয় যে, বৈঠকত এনএলএফবিৰে চৰকাৰৰ চুক্তি সন্দৰ্ভত আলোচনা কৰা হৈছে । ইয়াৰ বাহিৰে আন বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকে বাথা ৷

লগতে পঢ়ক: মহানগৰী আৰক্ষীৰ জালত দালালৰাজত জড়িত আমছুৰ স্বয়ম্ভূ সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.