অসম

assam

কেমেৰাত বন্দী হাতীৰ আক্ৰমণৰ ভয়ংকৰ দৃশ্য

By

Published : Nov 4, 2021, 5:33 PM IST

Elephant terror at Charaideo

চাহ বাগিচাৰ মাজত এজন লোকে প্ৰাণ টাকি দৌৰিছে । পিছে পিছে খেদিছে এটা বন্যহস্তীয়ে । কিছুদূৰ যোৱাৰ পাচতে হাতীটোৰ আক্ৰমণৰ বলি হ'বলগীয়া হয় লোকজন । কেমেৰাত বন্দী হ'ল এই শিহৰণকাৰী দৃশ্য ।

মৰাণ, ৪ নৱেম্বৰ: চৰাইদেউ জিলাৰ সোণাৰিত বন্যহস্তীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে । হাতীৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছে কেইবাজনো লোক । মঙলবাৰে সোণাৰিৰ টাউকাক চাহ বাগিচাত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন শ্ৰমিক । জানিব পৰা মতে, উক্ত দিনা আবেলি প্ৰায় পাঁচ বজাত সোণাৰি নগৰৰ সমীপৱৰ্তী টাউকাক চাহ বাগিচাত কৰ্মৰত জোনাছ ওৰাং নামৰ শ্ৰমিকজনে নিজৰ কাম শেষ কৰি নামতোলা অশ্বিনীবিলস্থিত ঘৰলৈ গৈ থকা অৱস্থাতে বন্যহস্তীৰ জাকটোৰে মুখামুখি হয় ।

সোণাৰিত বন্যহস্তীৰ উপদ্ৰৱ

ইয়াৰ পিছতে হাতীৰ জাকটোৰ মাজৰ পৰা এটা প্ৰকাণ্ড হাতীয়ে যুৱকজনক খেদি যায় আৰু আক্ৰমণ কৰে । পিছত হাতীটো সেই স্থানৰ পৰা আঁতৰি যায় । সেই সময়ত বাগিচাত উপস্থিত থকা আন লোকসকলে যুৱকজনক ততালিকে চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও আক্ৰমণত গোটেই শৰীৰত আঘাত পোৱা বাবে চিকিৎসকে তেওঁক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলবাসীয়ে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে হাৰাশাস্তি ভুগি আহিছে ।

সন্ধিয়া হ'লেই খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে হাতীৰ বৃহৎ জাক । বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ধাননি পথাৰো হাতীয়ে নষ্ট কৰে ।

কেৱল এয়াই নহয়, ইতিমধ্যে কেইবাজনো লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে । সেয়ে, জীৱনৰ সুৰক্ষাক লৈ শংকিত হৈ পৰিছে অঞ্চলবাসী । আনহাতে, বন্যহস্তীৰ সমস্যা সমাধান কৰাত বন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:চোৰাং কাঠৰ বেহা : জব্দ বহু লক্ষাধিক টকাৰ কাঠ

ABOUT THE AUTHOR

...view details