চোৰাং কাঠৰ বেহা : জব্দ বহু লক্ষাধিক টকাৰ কাঠ

author img

By

Published : Nov 4, 2021, 12:09 PM IST

illegal-wood-seized

ডিফু আৰু সাপেখাতীত লক্ষাধিক টকাৰ চোৰাং মূল্যৱান কাঠ জব্দ ৷ ডিফুত বন বিভাগ আৰু আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত 9 টা চোৰাং কাঠ ব্যৱসায়ীক আটক হয় ৷ আনহাতে, চোৰাং কাঠ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় ৷

ডিফু/মৰাণ, 4 নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে চোৰাং কাঠ(Illegal Wood)ৰ ৰমৰমীয়া বেহা ৷ শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত 5 লক্ষাধিক টকাৰ মূল্যৱান কাঠসহ 10 টা দুস্কৃতিকাৰীক আটক কৰাৰ ঘটনাৰ মাৰ নৌযাওতেই বুধবাৰে ডিফুত জব্দ কৰা হয় প্ৰায় লক্ষাধিক টকাৰ চোৰাং মূল্যৱান কাঠ ৷ জব্দকৃত চোৰাং কাঠখিনিৰ সৈতে 9 টা দুস্কৃতিকাৰীক আটক কৰে বন বিভাগে(Forest Department) ৷

illegal-wood-seized
চোৰাং কাঠ জব্দ

মঙলবাৰে নিশাৰ ভাগত বন বিভাগ আৰু আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত প্ৰথমে এখন ট্ৰাকত পমা আৰু কাঠৰ ফাণ্টা বোজাই কৰা দেখা পাই চালকসহ 9 টা চোৰাং কাঠ ব্যৱসায়ীক আটক হয় ৷ উক্ত অভিযানটোৰ নেতৃত্ব বহন কৰে বন বিভাগৰ চেণ্ট্ৰেল ৰেঞ্জৰ এচিএফ প্ৰণৱ তেৰাং, পূৱ আৰু পশ্চিম প্ৰটেকশ্যন ৰেঞ্জৰ বিষয়া ক্ৰমে বাবুল ৰংপি আৰু মণ্ডল ইংলেঙে ৷

illegal-wood-seized
চোৰাং কাঠ ব্যৱসায়ী আটক

আনহাতে, শেহতীয়াকৈ অবৈধ শিল-বালি, চোৰাং কাঠৰ ব্যৱসায়ৰ ঘাটি হৈ পৰিছে চৰাইদেউ জিলা । বিগত কেইদিনমানৰ পৰা বহুকেইখন অবৈধ বালি কঢ়িয়াই নিয়া বাহন বন বিভাগে জব্দ কৰাৰ পাচতে পুনৰ চৰাইদেউৰ বৰহাট বন বিভাগে লাভ কৰিছে এক বৃহৎ সাফল্য ৷

illegal-wood-seized
চোৰাং কাঠ জব্দ

বুধবাৰে নিশা বৰহাট আঞ্চলিক বন বিষয়া অজিত গগৈৰ নেতৃত্বত সাপেখাতীত চলোৱা এক অভিযানত চোৰাং কাঠ ভৰ্তি এখন টাটা ডি আই বাহন জব্দ হয় ৷ জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে AS-23-CC-6345 ৷ অৱশ্যে ঘটনাৰ সৈতে জড়িত চোৰাং কাঠ ব্যৱসায়ীয়ে নিশাৰ ভাগত সুযোগ গ্ৰহণ কৰি বাহন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ জব্দকৃত কাঠখিনিৰ মূল্য বহু লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে বন বিষয়া অজিত গগৈয়ে ।

illegal-wood-seized
চোৰাং কাঠ জব্দ

লগতে পঢ়ক : কলিয়াবৰত বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.