অসম

assam

Drugs seized: সোণাৰিত মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Jan 20, 2023, 7:24 AM IST

Drugs seized along with peddlers  at Sonari

সোণাৰিত এসপ্তাহতেই দুটাকৈ ড্ৰাগছ বিৰোধী অভিযান ৷ নামতোলাত বুজন পৰিমানৰ ড্ৰাগছসহ দুই মহিলা সৰবৰাহকাৰীৰ লগতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় নামতোলা আৰক্ষীয়ে (Drugs peddlers arrested at Sonari) ৷

সোণাৰিত ড্ৰাগছসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

মৰাণ, 20 জানুৱাৰী: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে কঠোৰ অভিযান চলাই আহিছে (Anti Drugs Mission at in Assam)৷ কিন্তু তাৰ পিছতো গা ল’ৰা নাই সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে ন ন কৌশল অবলম্বন কৰি আৰক্ষীৰ চকুত ধুলি ছটিয়াই এই সৰবৰাহকাৰীয়ে চলাই গৈছে নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা (Anti drugs mission at Sonari) ৷ বৃহস্পতিবাৰে সোণাৰিৰ নামতোলাত বুজন পৰিমানৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় নামতোলা আৰক্ষীয়ে (Drugs peddlers arrested at Sonari) ৷

এক গোপন সূত্ৰৰ পম খেদি নামতোলা আৰক্ষীয়ে (Namtola Police)অভিযান চলাই নামতোলাৰ টিলা লাইনৰ পৰা ড্ৰাগছসহ দুগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী আৰু এজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ নাম হৈছে লিমছে কন্যাক ৰায়, নানু লিম্বু আৰু ধ্ৰুৱ ৰায়। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দলটোৰ পৰা ড্ৰাগছৰ কন্টেইনাৰ, লাইটাৰ, চিৰিঞ্জ আদি জব্দ কৰিবলৈ সক্ষম হয় (Huge drugs seized at Sonari)।

লগতে পঢ়ক:Girls molested in rajdhani express: ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছত সেনাৰ উৎপীড়নৰ বলি দুই ছাত্ৰী

উল্লেখযোগ্য যে উৰুকাৰ নিশাও জিলাখনত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক কৰিছিল সোণাৰি আৰক্ষীয়ে (Sonari police seized drugs)। আৰক্ষীয়ে অভিযান চলাই সোণাৰি নগৰৰ মাজমজিয়াৰ চেনী গুদাম অঞ্চলৰ পৰা আটক কৰিছিল বিশাল ৰক্ষীত আৰু তপন চেতিয়া ওৰফে বিতোপন নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুটাক(Two peddlers arrested at Sonari)। ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বুজন পৰিমাণৰ ড্ৰাগছ।

মন কৰিবলগীয়া যে, বিগত কিছু দিনৰ পৰা পুনৰ এচাম ড্ৰাগছ সৰবৰাহকাৰী সোণাৰিত সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে । ইফালে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰা আৰু সৰবৰাহকাৰীক কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) দিছিল নিৰ্দেশনা ৷ ইয়াৰ পাছতেই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে পুৰ্বতকৈ অধিক কঠোৰ হৈছিল আৰক্ষী ৷ পিছপৰি ৰোৱা নাছিল চৰাইদেউৰ সোণাৰি আৰক্ষীও ৷ বিভিন্ন সময়ত অভিযান চলাই বহু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল সৰবৰাহকাৰী তথা নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ী ৷ শেহতীয়াকৈ অঞ্চলটোত পুনৰ ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ঠণ ধৰি উঠাৰ পৰিপেক্ষিতত সোণাৰি আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষনীয় ৷

লগতে পঢ়ক:Love Jihad case at Misamari: প্ৰলোভন দি দুই হিন্দু কিশোৰীক পলুৱাই নিলে দুই মুছলমান যুৱকে

ABOUT THE AUTHOR

...view details