অসম

assam

ডিব্ৰুগড়তো দেৱী বিসৰ্জনৰ সময়ত বজাব নোৱাৰিব DJ

By

Published : Sep 25, 2022, 7:05 PM IST

dibrugarh and charaideo administration meeting
দেৱী বিসৰ্জনৰ সময়ত বজাব নোৱাৰিব DJ ()

শান্তিপূৰ্ণভাৱে দুৰ্গা পূজা অনুষ্ঠিত কৰাক লৈ মৰাণত ডিব্ৰুগড় আৰু চৰাইদেউ জিলা প্ৰশাসনৰ বৈঠক (Administration ready to celebrate Durga Puja) । চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নিয়ম পালন কৰিব লাগিব দূৰ্গা পূজা উদযাপন সমিতি সমূহে । আবেলি ৫ বজাৰ আগতেই দেৱী বিসৰ্জন শেষ কৰিব লাগিব ।

মৰাণ,২৫ ছেপ্টেম্বৰ:সমাগত দুৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে । দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতিসমুহ সাজু হোৱাৰ সমান্তৰালভাৱে ডিব্ৰুগড় আৰু চৰাইদেউ জিলা প্ৰশাসনো সাজু হৈছে শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে(Administration ready to celebrate Durga Puja) । সমগ্ৰ ডিব্ৰুগড় জিলাখনতে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ কিছু নীতি নিয়ম সলনি হ'ব এইবাৰ । সেই সম্পৰ্কে ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰতিটো চক্ৰ বিষয়া কাৰ্যালয়লৈ নিদেৰ্শনা প্ৰেৰণ কৰিছে(Durga Puja celebrate in Assam) ।

একেই নিদেৰ্শনা চৰাইদেউ জিলা প্ৰশাসনে মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে । ইয়াৰ পাছতে আজি চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শান্তিপূৰ্ণভাৱে দুৰ্গা পুজা অনুষ্ঠিত কৰাক লৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা প্ৰশাসনৰ বৈঠক(Durga Puja celebrate in Moran) । মৰাণৰ চক্ৰ বিষয়া আৰু মাহমৰা চক্ৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠকত ।

দেৱী বিসৰ্জনৰ সময়ত বজাব নোৱাৰিব DJ

চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সীমাত অৱস্থিত মৰাণ চহৰত কেনেকৈ শান্তিপূৰ্ণ পৰিৱেশেৰে পূজা অনুষ্ঠিত কৰিব পাৰি সেই সম্পৰ্কত পূজা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ল এই গুৰুত্বপূৰ্ণ বৈঠকত । চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নিয়ম পালন কৰিব লাগিব দুৰ্গা পূজা উদযাপন সমিতি সমূহে । এইবাৰ মৰাণৰ দুৰ্গা পূজা প্লাষ্টিক মুক্ত হ'ব । লগতে দেৱী বিসৰ্জনৰ সময়ত কোনেও ডি.জে বজাব নোৱাৰিব (No DJ in Durga Puja) । আবেলি ৫ বজাৰ আগতেই দেৱী বিসৰ্জন শেষ কৰিব লাগিব ।

এই সমূহৰ বিষয় আজি আলোচনাৰ জড়িয়তে পূজা সমিতি সমূহক অৱগত কৰিছে চক্ৰ বিষয়া সকলে । লগতে এই নিয়ম অমান্য কৰিলে প্ৰশাসন কঠোৰ হ'ব বুলি জানিবলৈ দিছে প্ৰশাসনে । আনাহাতে মৰাণৰ মাজেদি পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতে কোনো ধৰণৰ যান-জঁট সৃষ্টি নহয় তাৰ বাবেও সকলকে সহযোগিতাৰ আহ্বান জনাই প্ৰশাসনে । আজি এই গুৰুত্বপূৰ্ণ বৈঠকত মৰাণৰ সকলো পূজা সমিতিৰ বিষয়ববীয়া, দল-সংগঠনৰ নেতৃত্ব, জ্যেষ্ঠ নাগৰিক আৰু মৰাণৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত খেলপথাৰত গজৰাজ

ABOUT THE AUTHOR

...view details